পোন প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই নেতৃত্ব দিব বিশ্ব বাণিজ্য সংস্থাক

0 403

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন প্ৰশাসনৰ সমৰ্থন তথা দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পাছত ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্ব বাণিজ্য সংস্থাক এগৰাকী মহিলাই নেতৃত্ব দিবলৈ সাজু হৈছে।

৬৬ছৰীয়া নগোজি অ’কেঞ্জো আইঅ’য়েলাই সংস্থাৰ মুৰব্বী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিছে ।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প প্ৰশাসনে অ’কেঞ্জো আইঅ’য়েলাৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি এয়া ৰোধ কৰি দিছিল

এই পদৰ বাবে চূড়ান্ত আঠগৰাকী প্ৰাৰ্থীৰ মাজত এগৰাকী আছিল দক্ষিণ কোৰিয়াৰ বাণিজ্য মন্ত্ৰী ইয়ো মাইয়ুং হি।
বিগত কেইমাহত কূটনৈতিক চাপৰ মাজত ইয়ো মাইয়ুং হি-য়ে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।

অ’কেঞ্জো আইঅ’য়েলাই জানিবলৈ দিছে যে তেওঁ বিশ্ব বাণিজ্য সংস্থাৰ 
প্ৰয়োজনীয় সংস্কাৰ কাৰ্যসূচীৰ প্ৰতি আগ্ৰহী আৰু ইয়াৰ সমান্তৰালকৈ সংস্থাৰ কামকাজ আগবঢ়াই নিবলৈ যত্নপৰ হ’ব।

media school
Leave A Reply

Your email address will not be published.