মৃত্যু চিৰসত্য!প্ৰেমৰ যেতিয়া মৃত্যু হয়
নুমলীগড়ৰ এহাল প্ৰেমিক-প্ৰেমিকা ৷
প্ৰেম হৈছিল দুয়োৰে মাজত ৷
কিন্তু অৱশেষত বাচি ল’লে এক চৰম মৰ্মান্তিক সিদ্ধান্ত ৷
যি সিদ্ধান্তই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ নুমলীগড় অঞ্চলত ৷
দেওবাৰে নিশা প্ৰেমিক-প্ৰেমিকা দুয়োৱে একেলগে মৃ্ত্যুক আঁকোৱালি ল’লে নুমলীগড়ৰ কাষৰীয়া নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত ৷
প্ৰাপ্ত তথ্য মতে বৰহোলাৰ যুৱক মইনুদ্দিন আলী আৰু যুৱতীগৰাকীৰ মৃতদেহ পুৱা বগীজান আৰক্ষীয়ে খবৰ পাই উদ্ধাৰ কৰি দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও সকলো পৰীক্ষা-নিৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ৷