খুড়াকৰ কংকালেৰে বৈদ্যুতিক গীটাৰ সাজিলে ভতিজাকে
আশ্চৰ্যকৰ এটা সত্য ঘটনা ৷
তাঁৰেৰে গীটাৰ নিৰ্মাণ কৰি উলিওৱা আপুনি শুনিছে , কিন্ত মানুহৰ কংকালেৰে গীটাৰ সাজি উলিওৱা হয়তো এয়াই প্ৰথম ঘটনা।
এগৰাকী সংগীতজ্ঞ , যি নিজকে প্ৰিন্স মিডনাইট বুলি পৰিচয় দি ভাল পায় , তেঁও সাজি উলিয়াইছে বহু সংগীতজ্ঞৰ বাবে অপৰিচিত নিজৰ খুড়াকৰ মৃতদেহৰ কংকালৰ পৰা এখন বৈদ্যুতিক গীটাৰ ৷
জীৱৰ মৃত্যু হ’লে সমাধিস্থ কৰা হয় ৷
কিন্ত প্ৰিন্স মিডনাইটৰ মৃতদেহ সৎকাৰ কৰাৰ পৰিৱৰ্তে কংকালৰ পৰা এখন গীটাৰ সাজি উলিওৱাৰ কথা চিন্তা কৰিছিল ৷
য’ত তেঁও কৈছে যে খুড়াক ফিলিপক সন্মান জনোৱাৰ বাবেহে তেঁও এই কাম হাতত লৈছে ৷
যিটো ভিডিঅ’ তেঁও ইতিমধ্যে ইউটিউবটো মুকলি কৰিছে ৷
তেঁও মন্তব্য কৰিছে যে খুড়াক ফিলিপেই তেঁওক হেভী মেটেলৰ বাদ্যযন্ত্ৰৰ বাবে জীৱিত অৱস্থাত বহুতো উৎসাহ যোগাইছিল ৷
ভলিউম নব , গীটাৰ ফ্ৰেম ,জেক ইত্যাদি ব্যৱহাৰ কৰি বৈদ্যুতিক গীটাৰলৈ পৰিৱৰ্তন কৰাৰ সমান্তৰালকৈ খুড়াকৰ কংকালটোক আধাৰ হিচাপে ব্যৱহাৰ কৰিছিল প্ৰিন্স মিডনাইটে ৷