৩৩৮ কোটি টকাৰ কোভিড ভেকচিন ভাৰতে ৰপ্তানি কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ।

0 245

ভাৰতৰ কোভিড-১৯ ভেকচিনৰ ৰপ্তানি সন্দৰ্ভত আজি সংসদত তথ্য দাঙি ধৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে।

৩৩৮ কোটি টকাৰ কোভিড ভেকচিন ভাৰতে ৮ ফেব্ৰুৱাৰি পৰ্যন্ত প্ৰায় অন্য দেশসমূহলৈ ৰপ্তানি কৰিছে বুলি গোৱেলে সংসদত উল্লেখ কৰে।

উল্লেখযোগ্য যে, ভাৰতে নেপাল, ভূটান, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশকে আদি কৰি আফ্ৰিকা আৰু অন্যান্য কিছুসংখ্যক দেশলৈ বিনামূলীয়াভাৱে কোভিড ভেকচিন আগবঢ়াইছিল।

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ কোভিড ভেকচিন প্ৰস্তুত কৰিব পৰা ক্ষমতাক সমগ্ৰ বিশ্বৰ বাবে এক সম্পদ হিচাপে অভিহিত কৰিছে।

media school
Leave A Reply

Your email address will not be published.