বলীউদৰ সুন্দৰী নায়িকা দীশা পাটানিৰ ভগ্নী ভাৰতীয় সেনাত কৰ্মৰত ।

0 248

বলীউদৰ সুন্দৰী নায়িকাসকলৰ মাজৰ অন্যতম হ’ল দীশা পাটানি। দীশাৰ সৌন্দৰ্য, সুন্দৰ হাঁহি, সাহসী ষ্টাণ্ট আৰু অপূৰ্ব ডান্স ষ্টেপৰ বাবে অতি জনপ্ৰিয়। কিন্তু বহুতেই নাজানে যে দীশাৰ এগৰাকী সুন্দৰী ভগ্নীও আছে।

দীশাৰ জ্যেষ্ঠ ভগ্নীৰ নাম খুশবু পাটানি। বহুতেই চিনি নাপায়। কিন্তু সৌন্দৰ্যৰ ফালৰ পৰা কম নহয় খুশবু। ভাৰতীয় সেনাত কৰ্মৰত খুশবু।

দীশা আৰু খুশবুৰ আছে এজন ভাতৃও। নাম সূৰ্যাংশ পাটানি।

দীশাৰ দৰেই সৌন্দৰ্যৰ প্ৰতি সচেতন খুশবু। আৰু সেনাত কৰ্মৰত হোৱাৰ বাবে সকলো সময়তে শৰীৰচৰ্চাৰ মাজতে থাকিবলগীয়া হয়।

ভগ্নী দীশাৰ সৈতে হেংআউট, পিতৃ–মাতৃৰ সৈতে আনন্দত সময় কটায় খুশবুৱে। সেই ফটো শ্বেয়াৰো কৰে ছচিয়েল মিডিয়াত।

ইনষ্টাগ্ৰামত খুশবুৰ ফলোৱাৰৰ সংখ্যাও কম নহয়। হয়তো বলীউদত চেষ্টা কৰিলে তেওঁ হিট নায়িকা হ’ব পাৰিলেহেঁতেন।

media school
Leave A Reply

Your email address will not be published.