মহাৰাষ্ট্ৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা ১৬ জন নিহত,৫জন আহত ।

0 154

মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ১৬ শ্ৰমিক জন ইতিমধ্যে নিহত হোৱাৰ বিপৰীতে ৫জন গুৰুতৰ ভাৱে আহত হৈছে।

দেওবাৰে মাজনিশা মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনটো। এখন ট্ৰাক বাগৰি সংঘটিত হৈছে এই দুৰ্ঘটনা।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,  ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা লোকসকল ক্ৰমে অভোদা, কেৰহালা আৰু  ৰাভৰ জিলাৰ।

লগতে ট্ৰাকৰ এই দুৰ্ঘটনা মাজনিশা কিনগাঁৱৰ এটা মন্দিৰৰ ওচৰত সংঘটিত হৈছিল। উল্লেখ্য যে, গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ইতিমধ্যে স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।

media school
Leave A Reply

Your email address will not be published.