মঙ্গল গ্ৰহত বৃহৎ সফলতা নাছাৰ

0 5,698

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ইতিহাস সৃষ্টিৰে মঙল গ্ৰহত ইয়াৰ মঙলযান পাৰছিভিয়াৰেন্সৰ অৱতৰণ কৰাবলৈ সক্ষম হৈছে।

সকলো বাধা-বিপত্তি অতিক্ৰম কৰি শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি নিশা ২-২৫মিনিটত মঙলত এই মহাকাশযানখন অৱতৰণ কৰে।

ৰেডিঅ’ ছিগনেলে সফলতাৰ কথা নিশ্চিত কৰাৰ লগে লগে নাছাৰ বিজ্ঞানীসকল উৎফুল্লিত হৈ পৰিছে।

পাৰছিভিয়াৰেন্সৰ যাত্ৰা নাছাৰ বিগত ২০২০চনৰ আটাইতকৈ বৃহৎ অভিযান আছিল। পাৰছিভিয়াৰেন্সত এটা লেণ্ডাৰ ভিছন চিষ্টেম আৰু টেৰেন ৰিলেটিভ নেভিগেশ্যন আছে।

মঙলযানখনত ৰিয়েল টাইম ফটো তুলি ৰখাৰ স্বয়ংক্ৰিয় মেচিন আছে। ইয়াৰ ভিতৰত থকা ছফটৱেৰে ৰোভাৰক পছন্দ অনুসৰি স্থান নিৰ্বাচন কৰি অৱতৰণ কৰাত সহায় কৰে।

ওখোৰা-মোখৰা খহটা পৃষ্ঠ, কৰ’বাত থিয় পাহাৰ আদিৰ মাজতে নাছাৰ এই মঙলযান খন অৱতৰণ কৰিবলগীয়া হৈছে।

এই ৰোভাৰ মঙলৰ মাটিত অৱতৰণৰ লগে লগে মঙল গ্ৰহত আটাইতকৈ অধিকবাৰ ৰোভাৰ প্ৰেৰণ কৰা দেশত ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই।

নাছাৰ এই ৰোভাৰে মঙলৰ মাটিত কি কি উপাদান আছে তথা তাত প্ৰাণৰ অস্তিত্ব আছে নে নাই বা পূৰ্বতে আছিল নেকি আদি কথাবোৰৰ সন্ধান চলাব। তদুপৰি, মঙলৰ পৰা মাটি আৰু শিলৰ নমুনাও সংগ্ৰহ কৰিব ৰোভাৰে।

media school
Leave A Reply

Your email address will not be published.