পৰীক্ষাৰ মাজতেই জন্ম হ’ল পুত্ৰ সন্তান , সন্তানৰ নাম দিলে “পৰীক্ষা”
পৰীক্ষাৰ মাজতেই জন্ম হ’ল পুত্ৰ সন্তান , সন্তানৰ নাম দিলে “পৰীক্ষা”
বিহাৰৰ এগৰাকী মহিলা , নাম শান্তি দেৱী ৷ গৰ্ভৱতী মহিলাগৰাকীয়ে শুকুৰবাৰে বিহাৰৰ এম ডি ডি এম কলেজত অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত ৷
পৰীক্ষা দি থাকোতেই প্ৰসৱ যন্ত্ৰণা আৰম্ভ হ’ল মহিলাগৰাকীৰ ৷ইয়াৰ পাছতেই লগে লগে এম্বুলেন্সৰ সহায়েৰে নিয়া হ’ল মেডিকেললৈ ৷ মেডিকেললৈ নিয়াৰ পাছত মহিলাগৰাকীৰ জন্ম হ’ল এটা পুত্ৰ সন্তান ৷
পৰীক্ষাৰ মাজতে জন্ম হোৱাৰ বাবে মহিলাগৰাকীৰ স্বামী বিৰ্জু চাহানীয়ে পুত্ৰৰ নাম ৰাখিলে “পৰীক্ষা” ৷ শান্তি দেৱীয়ে কয় তেওঁ পুনৰ শনিবাৰে অৱতীৰ্ণ হ’ব এই পৰীক্ষাত ৷ পঢ়া -শুনা আগবঢ়াই নিবলৈ তেঁও যথেষ্ট আগ্ৰহী ৷