সত্ৰীয়া সংস্কৃতিৰ সাধক যজ্ঞেশ্বৰ মহন্তৰ দেহাৱসান।
তেজপুৰ বেছেৰীয়াৰ শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক যজ্ঞেশ্বৰ মহন্তৰ দেহাৱসান।
বৃহস্পতিবাৰে পুৱতি নিশা ২ বাজি ২০ মিনিটত ইহলীয়া সম্বৰণ কৰে সত্ৰাধিকাৰগৰাকীয়ে।
শতায়ু গৰকা প্ৰবীণ শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ তেজপুৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ।
বেছেৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষকৰ লগতে ভাওনা আৰু মঞ্চৰ এগৰাকী সু- অভিনেতা আছিল সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্ত।
এইগৰাকী শিল্পীৰ মৃত্যুৰ ফলত ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ লগতে সামাজিক ক্ষেত্ৰখনতো বিস্তৰ ক্ষতিসাধন হোৱা বুলি মন্তব্য কৰিছে গুণমুগ্ধই।