দুষ্টচক্ৰৰ বেহুত বেংক কৰ্মচাৰী লুটি নিলে : ৬লাখ টকা
যেনিয়ে তেনিয়ে এতিয়া পিটপিটাই ফুৰিছে দুষ্টচক্ৰ।
এইবাৰ অনলাইন চাইকেল বিক্ৰী কৰিবলৈ গৈ দুষ্টচক্ৰৰ বলি হ’বলগীয়া হ’ল হায়দৰাবাদৰ এগৰাকী চাৰ্টার্ড একাউণ্টেণ্ট।
এই দুষ্টচক্ৰৰ চক্ৰবেহুত সোমাই চাৰ্টার্ড একাউণ্টেণ্টগৰাকীয়ে হেৰুৱাবলগীয়া হয় ৬ লাখকৈ টকা।
দৰাচলতে নিজৰ ব্যৱহৃত চাইকেলখন এটা ই-কমাৰ্চ স্থানত ৩,৫০০ টকাত বিক্ৰীৰ বাবে এটা বিজ্ঞাপন পোষ্ট কৰিছিল একাউণ্টেণ্টজনে। চাইকেলখন ক্ৰয়ৰ বাবে আগ্ৰহী এগৰাকী অচিনাক্ত ব্যক্তিৰ পৰা তেওঁ এটা ফোন লাভ কৰিছিল ।
চাইকেলখনৰ মূল্য সম্পৰ্কত আলোচনাত ক্ৰেতাৰূপী প্ৰৱঞ্চকটোৱে ভুক্তভোগীজনক কৈছিল সি তেওঁৰ ফোনলৈ এটা কিউ আৰ কোড প্ৰেৰণ কৰিব আৰু আগতীয়া ধন লাভৰ বাবে সি আগবঢ়োৱা কোডটো স্কেন কৰিব লাগিব ।
প্ৰবঞ্চকটোৰ কথা শুনি যেতিয়া চি এ গৰাকীয়ে কোডটো স্কেন কৰিছিল আৰু মূহূৰ্তৰ ভিতৰতে বেংক একাউণ্টৰ পৰা ২ লাখ টকা ডেবিট কৰা হৈছিল । যেতিয়া তেওঁ প্ৰৱঞ্চকটোক সেই সম্পৰ্কে অৱগত কৰিছিল, সি কৈছিল যে সি এতিয়া ২ লাখ টকা আৰু আগৰ টকা পুনৰ প্ৰেৰণ কৰিব আৰু তাৰ ভুক্তভোগীজনক পুনৰ কোডটো স্কেন কৰিবলৈ কৈছিল।
প্ৰবঞ্চকৰ কথা শুনি চি এ গৰাকীয়ে আৰু ইয়াৰ জৰিয়তে পুনৰ তেওঁৰ একাউণ্টৰ পৰা ২ লাখ টকা কাটি লোৱা হৈছিল ।
ভুক্তভোগীজনে পুনৰ প্ৰৱঞ্চকটোক ফোন কৰি কোৱাত সি এয়া কাৰিকৰী বিজুতি বুলি কৈ তেওঁক একেৰাহে তৃতীয়বাৰৰ বাবে পুনৰ কিউ আৰ কোডস্কেন কৰিবলৈ কৈছিল ।
যাৰ ফলত তৃতীয়বাৰ পুনৰ ২ লাখ টকা কাটি লোৱা হৈছিল। তৃতীয়বাৰৰ এই ঘটনাৰ পাচত যেতিয়া ভুক্তভোগীয়ে ফোন কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া প্ৰৱঞ্চকৰ ম’বাইলটো বন্ধ কৰা হৈছিল। এনেদৰে চি এ গৰাকীৰ পৰা ৬ লাখ টকা অবাধে লুটি লৈ যায় কৰে প্ৰবঞ্চকটোৱে |
তাৰ পাচতেই তেওঁক কৰা প্ৰতাৰণাৰ সকলো কথা বুজি উঠি চাইবাৰক্ৰাইম চেলৰ ওচৰলৈ গৈছিল চি এ গৰাকী আৰু দাখিল কৰিছিল অভিযোগ । চি এ গৰাকীৰ এই গোচৰৰ পাচতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।