ক’ৰনিল টেবলেট নিষিদ্ধ হ’ল মহাৰাষ্ট্ৰত ।

0 205

স্বীকৃতিপত্ৰ অবিহনে ৰামদেৱৰ ঔৰসত জন্ম হোৱা পতঞ্জলী কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা covid-19 ভাইৰাছ প্ৰতিষেধক ৰূপে বজাৰত মুকলি কৰি দিয়া কৰনিল টেবলেটক মহাৰাষ্ট্ৰত বিক্ৰী কৰিবলৈ অনুমতি দিয়া নহল। মঙলবাৰে এই কথা সদৰি কৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে ।

ইণ্ডিয়ান মেডিকেল এচ’চিয়েনে সোমবাৰে কৈছিল যে পতঞ্জলীয়ে যোৱা ১৯ ফেব্ৰুৱাৰীত ঔষধিবধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা স্বীকৃতিপত্ৰ পোৱা বুলি জনাইছিল যদিও সংস্থাটোৱে ইয়াক অস্বীকাৰ কৰাৰ পাছত প্ৰমাণ হ’ল যে ক’ৰনিল টেবলেটৰ ওপৰত কৰা পতঞ্জলীৰ দাবীটো আছিল নিৰ্লজ্জভাৱে মিছা।

পতঞ্জলীয়ে দৃঢ় ভাবে দাবী কৰিছিল যে ক’ৰনিলে বৈজ্ঞানিক ভাবে ক’ভিড-১৯ক বশ কৰিব পাৰিব।

ইণ্ডিয়ান মেডিকেল এচ’চিয়েনে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনকো এটা বিবৃত্তি দিবলৈ দাবী কৰিছে, কাৰণ ক’ৰনিলৰ উন্মোচন কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰীও উপস্থিত আছিল।

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীজনে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰত্যাখ্যান কৰা দৰৱবিধক দেশৰ স্বাস্থ্যমন্ত্ৰীজনে অনুমোদন জনোৱাটো অতিশয় দুৰ্ভাগ্যজনক কথা ।

media school
Leave A Reply

Your email address will not be published.