৮০ বছৰীয়া বৃদ্ধা:ডক্টৰেট ডিগ্ৰী লাভ কৰি মহিলাগৰাকীয়ে দেখুৱালে অন্য এক নিদৰ্শন।

0 200

এগৰাকী ৮০ বছৰীয়া বৃদ্ধা,! বৃদ্ধা গৰাকী এতিয়া দেশজুৰি চৰ্চিত। সঁচাকৈ মহিলাগৰাকীয়ে যেন প্ৰমাণ কৰিলে, প্ৰৱল ইচ্ছাশক্তি আৰু একাগ্ৰতা থাকিলে সকলো কামেই সম্ভব। ৮০ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী লাভ কৰি মহিলাগৰাকীয়ে দেখুৱালে অন্য এক নিদৰ্শন।

বৃদ্ধাগৰাকীৰ নাম শশীকলা ৰাৱল। ঘৰ মধ্য প্ৰদেশৰ উজ্জেইনত। তেওঁ এগৰাকী শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা। কিন্তু অৱসৰৰ পিছতো মহিলাগৰাকীয়ে  অব্যাহত ৰাখিছিল নিজৰ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া। সেই অনুসৰি সংস্কৃততে বৰাহমিহিৰৰ ‘বৃহৎ সংহিতা’ৰ ওপৰত গৱেষণাৰ কাম আৰম্ভ কৰিলে। আৰু ২০১৯ বৰ্ষত তেওঁ সম্পন্ন কৰে পি এইছ ডি ডিগ্ৰী।

শশীকলাৰ পি এইছ ডিৰ বিষয় আছিল ‘Social life as seen through the mirror of Brihat Samhita’।মহাঋষি পানিনি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য মিথিলা প্ৰসাদ ত্ৰিপাঠীৰ অধীনত বৃদ্ধাগৰাকীয়ে সম্পন্ন কৰে গৱেষণা প্ৰক্ৰিয়া।

এই সন্দৰ্ভত শশীকলাই কয় যে, তেওঁ সদায় জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈ আহিছে। সেয়েহে বিক্ৰম বিশ্ববিদ্যালয়ত তেওঁ জ্যোতিৰ্বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে। তাৰপাছতেই তেওঁ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া বৰ্তাই ৰাখিব বিচাৰিলে।

শশীকলাত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰি অভিভূত হৈ পৰে  উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল।

media school
Leave A Reply

Your email address will not be published.