সেনাবাহিনীৰ হাতত ম্যানমাৰ : সেনাজোৱানৰ বন্ধ হ’ল ফেচবুক একাউণ্ট ।

0 290

সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পাছৰে পৰাই প্ৰতিবাদ-আন্দোলনত উত্তাল হৈ পৰিছে ম্যানমাৰ। যোৱা কেই সপ্তাহৰ বিক্ষোভত এতিয়ালৈকে তিনিজন বিক্ষোভকাৰী আৰু এজন আৰক্ষী কৰ্মী নিহত হৈছে।

এনেকুৱা এক অস্থিৰ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ সেনাবাহিনীৰ একাউন্ট বন্ধ কৰি দিছে ফেচবুকে।

বৃহস্পতিবাৰে সামাজিক গণমাধ্যম সংস্থা ফেচবুকৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে।

ফেচবুকৰ ফালৰ পৰা কোৱা হৈছে যে ম্যানমাৰৰ সেনাবাহিনীক ফেচবুক আৰু ইনষ্টাগ্ৰাম ৰখাৰ অনুমতি দিলে সেয়া অধিক জটিলতাপূৰ্ণ হ’ব বুলি সংস্থাটোৱে বিশ্বাস কৰে।

ম্যানমাৰৰ সেনাবাহিনীয়ে ২০২০বৰ্ষৰ ম্যানমাৰ নিৰ্বাচনৰ জালিয়াতিৰ অভিযোগ ফেচবুকৰ জৰিয়তে বিয়পাই দিব বিচাৰিছিল।

উল্লেখ্য যে ম্যানমাৰৰ সেনাবাহিনীয়ে দেশখনৰ গণতান্ত্ৰিক চৰকাৰখনক উফৰাই সামৰিক শাসন চলোৱাৰ প্ৰতিবাদত গোটেই দেশখনতে বিক্ষোভে সৰ্বাত্মক ৰূপ লাভ কৰিছে আৰু আন্তৰ্জাতিক মঞ্চতো সেনাবাহিনীৰ কাৰ্যক তীব্ৰ নিন্দা কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.