পুনৰ চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডই জোকাৰি গ’ল ৰাজ্য

0 3,061

বঙাইগাঁৱত সংঘটিত এক জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনাই পুনৰ জোকাৰি গ’ল সমগ্ৰ ৰাজ্য ৷

বঙাইগাঁৱৰ শাওনাগাঁৱত সোমবাৰে অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয় এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ ৷

উল্লেখনীয় কথা যে ,গায়ত্ৰী ৰায় নামৰ মহিলাগৰাকী কিছুদিন ধৰি শাওনাগাঁওস্থিত পিতৃগৃহতে আছিল ৷

ইয়াৰ পাছতেই দেওবাৰে নিশা মহিলাগৰাকীৰ মৃতদেহ নিজ পিতৃগৃহৰ পদূলিমুখতে এক অবৰ্ণনীয় অৱস্থাত উদ্ধাৰ হয় ৷

ঘটনাৰ আঁৰত কোন সেয়া নিশ্চিত হোৱা নাই যদিও লোমহৰ্ষক এই ধৰ্ষণকাণ্ডৰ ঘটনাটোৰ সৈতে ধৰ্ষিতা মহিলাগৰাকীৰ স্বামী নৱ কুমাৰ ৰায় জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰি অভিযোগ উত্থাপন কৰিছে গায়ত্ৰীৰ পিতৃ হৰি ৰায়ে ৷

অন্তৰ্বাস খোলা অৱস্থাত পোৱা মহিলাগৰাকীৰ মৃতদেহটো এতিয়া নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ দল এটাই উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

এই নিৰ্মম , জঘন্য ঘটনাটোৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে

media school
Leave A Reply

Your email address will not be published.