বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ’ল অসমৰ ৰঙা চাউল

0 1,000,000,495

আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি হ’ল অসমৰ ৰঙা চাউল।পোন প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে আমেৰিকালৈ ৰপ্তানি হৈছে ৰঙা চাউল।ভাৰতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ চাউল ৰপ্তানিৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত লো-সমৃদ্ধ ‘ৰঙা চাউল’ খেতি কৰা হয়।এই প্ৰকাৰৰ চাউলক “বাওধান” বুলিও কোৱা হয়।এই ৰঙা চাউলৰ ৰপ্তানি কৰে LT FOOD নামৰ কোম্পানী এটাই।ৰঙা চাউল ৰপ্তানি কৰা অনুষ্ঠানটোৰ ফ্লেগ অফ অনুষ্ঠান অনুষ্ঠিত হয় হাৰিয়ানাত।

হাৰিয়ানাৰ ছোনেপত কৃষি আৰু প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ ড° এম আনগামুথুৱে অনুষ্ঠানটো মুকলি কৰে।

media school
Leave A Reply

Your email address will not be published.