কৰ’নাত আক্ৰান্ত এমহীয়া শিশুৰ মৃত্যু

0 232

সমগ্ৰ বিশ্ব কৰ’না মহামাৰী কৱলত পৰি বহুলোক ইতিমধ্যে মৃত্যুবৰণ কৰিছে ।কৰ’না ভাইৰাচক ৰোধিবলৈ ভেকচিন তৈয়াৰ হৈছে যদিও এই পৰ্যন্ত বহুলোকে ভেকচিন লাভ কৰা নাই ।

এইবাৰ বিশ্বৰ সৰ্বকণিষ্ঠ হিচাপে এটি শিশু কৰ’নাত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু বৰণ কৰিছে ।এই ঘটনাটো ধৰা পৰিছে গ্ৰীচত ৩৭দিনীয়া শিশুটিয়ে ১৭দিন ধৰি কৰ’নাৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে ।


এই বিষয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিৎসুতাকিছে টুইটাৰ যোগে অৱগত কৰে ,”মৰ্মান্তিক ঘটনা যে ক’ৰনা মহামাৰীত আমাৰ দেশৰ সৰ্বকণিষ্ঠ এজনৰ মৃত্যু হৈছে ।”


গ্ৰীচৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ে ,শিশুটি ফেব্ৰুৱাৰীৰ মাজভাগত জ্বৰত আক্ৰান্ত হোৱাত এথেন্স চাইল্ডৰেন হস্পিতালত ভৰ্তি কৰা হয় ।পিছদিনাই ICU ত শিশুটিক ভৰ্তি কৰা হয় যদিও দেওবাৰে শিশুটিৰ মৃত্যু ঘটে ।


এক বিশেষ সমীক্ষাৰ বাতৰি অনুসৰি জানিব পৰা গৈছে এই পৰ্যন্ত গ্ৰীচত ২৩হাজাৰ ৪০৬ গৰাকী সক্ৰিয় হৈ আছে ক’ৰনা ৰোগী ।দেশখনত এই পৰ্যন্ত ৬হাজাৰ ৭৯৭গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।

media school
Leave A Reply

Your email address will not be published.