পিতৃৰ সন্মুখতে পুত্ৰক গিলিলে ঘৰিয়ালে

0 967

Discovery নাইবা কোনোবা Hollywood চিনেমাৰ দৃশ্য গ্ৰহণৰ দৰে ঘটনা পোহৰলৈ আহিছে এই পৃথিৱীতে ,আপুনি শুনি আচৰিত হব মাছ মাৰিবলৈ যোৱাই কাল হল পিতৃ পুত্ৰৰ ।

ইণ্ডোনেছিয়াৰ পূব কালিমাস্তানত এনে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে,ব্ৰিটিছ সংবাদ মাধ্যম দ্যা চানৰ মতে ।

পিতৃৰ সৈতে মাছ মাৰিবলৈ গৈছিল পুত্ৰ ,এনে সময়তে এটা ঘৰিয়ালেপুত্ৰক টানি লৈ যায় আৰু খাই পেলাই ।


কিন্তু পিছদিনা ঘৰিয়ালতো মৃত্যুমুখত পৰে স্থানীয় ৰাইজে ঘৰীয়ালতোৰ পেট ফালি চোৱাত মৃত পুত্ৰৰ বাকী অংশ পেটত পায় ।

আঠ বছৰ বয়সৰ লৰাজনৰ নাম ডিমান মূলকান চা বুলি জানিব পৰা গৈছে ।ঘৰিয়ালে পুত্ৰক খোৱাৰ পাছত ভয় খাই পিতৃয়ে স্থানীয় ৰাইজৰ ওচৰলৈ পলাইছিল।

স্থানীয় ৰাইজে বিচাৰ কৰাত ঘৰীয়ালৰ সন্ধান পিছদিনাখন পালে আৰু ঘৰিয়ালৰ পেট ফলাত সন্ধান ওলাল পুত্ৰৰ । সমগ্ৰ দৃশ্য দেখি স্থানীয় ৰাইজ শোকত ভাগি পৰিছে ।

media school
Leave A Reply

Your email address will not be published.