দিব্যাংগ ভনিতাক পোহৰ দেখুৱালে এজন যুৱকে
নাম ভনিতা দেৱী ৷
ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চোকাপাৰা গাঁৱত ৷
ষ্টেট বেংকৰ গুৱাহাটীস্থিত ৰিজিঅ’নেল ব্ৰাঞ্চত কৰ্মৰত দৃষ্টিহীন যুৱতীগৰাকীৰ জীৱনত এতিয়া পোহৰ বিলাবলৈ আগবাঢ়ি আহিছে ৰাকেশ গুপ্তা নামৰ এজন যুৱক ৷
ধুবুৰীৰ চোকাপাৰাৰ নজেন নাথ আৰু তিলেশ্বৰী দেৱীৰ প্ৰথম কন্যা ভনিতাৰ সৈতে যোৱা ১৫ মাৰ্চত বিবাহপাশত আৱদ্ধ হ’ল দিল্লীস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ চাকৰিয়াল ৰাকেশ গুপ্তা ৷
দৃষ্টিহীন ভনিতা গুৱাহাটীৰ অন্ধ হাইস্কুলতে আৰম্ভ কৰিছিল নিজৰ শিক্ষাজীৱন আৰু স্নাতক উত্তীৰ্ণ ভনিতা দেৱীয়ে বেংগালুৰুত লাভ কৰিছিল কম্পিউটাৰ শিক্ষা ৷
অতি দৃঢ়মনা ভনিতাই বেংগালুৰুতে লগ পাইছিল স্বামী ৰাকেশ গুপ্তাক ৷
অৱশেষক সমাজৰ একপ্ৰকাৰে আকৰ্ষিত কৰি অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল দুয়ো প্ৰেমিক-প্ৰেমিকা ৷
বিবাহপাশত আৱদ্ধ হৈ দুয়ো সম্পূৰ্ণী সুখী ৷
বিবাহপাশত আৱদ্ধ হৈ ভনিতাই ক’লে , ” ভনিতাৰ দৰে হাজাৰ দিব্যাংগকো আকোঁৱালি লওক সমাজে , তাইৰ দৰে সকলো দিব্যাংগকে সহায় অথবা সঁহাৰি জনাওক মাক-দেউতাকে , আহিবলগীয়া নতুন জীৱনটোৰ বাবেও ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে দুয়োৱে ৷ “