ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

0 29,676

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।

যিহতু চলিত বিত্তীয় বৰ্ষ শেষ হ’বৰ হৈছে , ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে কোষাগাৰসমূহক ৰাজ্যিক কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু পেন্সনৰ বিলসমূহৰ অনুদান অতি শীঘ্ৰে অৰ্থাৎ মাৰ্চ মাহৰ ২৩ তাৰিখৰ ভিতৰত গ্ৰহণ কৰিবলৈ নিৰ্দশ দিছে ৷

কোষাগাৰত শেষ সময়ত যাতে কোনো হেঁচা নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে ৷

এই তাৰিখৰ সীমা কঠোৰভাৱে মানিবলৈ নিৰ্দেশ দিয়া হৈছে কোষাগাৰ বিষয়াসকলক ৷

আনহাতে কন্টিজেন্সী আৰু দৰমহাবহিৰ্ভূত শিতানৰ বিলসমূহ গ্ৰহণৰ দিনৰূপে নিৰ্ধাৰণ কৰিছে ২৬ মাৰ্চ তাৰিখটো ৷

ইয়াৰোপৰি নিৰ্দেশ প্ৰদান কৰিছে যে ২৭ আৰু ২৮ অৰ্থাৎ চতুৰ্থ শনিবাৰ আৰু দেওবাৰৰ দিন দুটা খোলা ৰাখিবলৈ ৷

Leave A Reply

Your email address will not be published.