মল্লযোদ্ধা ঋত্বিকা ফগাটৰ আত্মহনন
১৭বছৰীয়া কিশোৰী ঋত্বিকা ফগাট । অলিম্পিক গেমছলৈ নিৰ্বাচিত হোৱা মল্লযোদ্ধাৰো গীতা ফগাট আৰু ২০১৪ বৰ্ষত কমনৱেলথ গেমছত সোণৰ পদক বিজয়ী লগতে বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত ২০১২ চনত ব্ৰঞ্জ পদক বিজয়ী ববিতা ফগাটৰ সম্পৰ্কীয় ভনীয়েক ঋত্বিকা ফগাটে বাচি ল’লে আত্মহত্যাৰ দৰে এক চৰম পন্থা ।
ৰাজস্থানৰ ভাৰতপুৰ মল্লযুদ্ধ টুৰ্ণামেণ্টত জয়ী নোহোৱাৰ বাবে আত্মহত্যাৰ সন্দেহ ।ঋত্বিকাৰ আত্মহত্যা সন্দৰ্ভত DSP ৰাম সিং বিষ্ণুৰ নেতৃত্বত বৰ্তমান অনুসন্ধান আৰম্ভ হৈছে ।
ৰাজস্থানৰ কাষৰ জয়পুৰ গাঁৱত ঋত্বিকা তেওঁৰ খুৰাক দ্ৰোণাচাৰ্য বঁটা বিজয়ী মহাবীৰ সিং ফগাটৰ সৈতে আছিল ।ঋত্বিকাই মহাবীৰ স্পৰ্টছ একাডেমীত মল্লযুদ্ধৰ প্ৰশিক্ষণ লৈ আছিল। ১৫মাৰ্চ তাৰিখে খুড়াকৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ঋত্বিকা ।
খেলত ১পইণ্টৰ বাবে মল্লযুদ্ধৰ খেলত হৰাৰ বাবে মন বেয়া আছিল বুলিও একাংশই মত প্ৰকাশ কৰে । সম্ভাৱনাময় ঋত্বিকাৰ এনে পদক্ষেপে ভাৰতৰ খেল জগতত এক নেতিবাচক প্ৰভাৱ পেলাইছে ।
প্ৰতিযোগিতামূলক জীৱনশৈলী ,মানসিক চাপ আৰু বিভিন্ন কাৰণত সৃষ্টি হোৱা সমাজৰ প্ৰতিকূল পৰিৱেশে যেন কাৰক হৈ পৰিছে আত্মহননৰ দৰে পন্থা । বৰ্তমান সময়ত ই অতি উদ্বেগজনক বিষয় ।ঋত্বিকা ফগাটৰ আত্মহননে সচেতনমহলত শোকৰ ছাঁ পেলাইছে ।