নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব ৰাহুল গান্ধী

0 440

অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী।ৰাজ্যত প্ৰচাৰৰ বাবে ২ দিনৰ বাবে অসমত থাকিব। উজনি অসম আৰু উত্তৰ অসমত তিনিটা নিৰ্বাচনী সমাৱেশত উপস্থিত থাকিব ৰাহুল গান্ধী। তেওঁ ভ্ৰমণ কাৰ্যসূচীত চাহ বাগানৰ শ্ৰমিক আৰু মহাবিদ্যালয়ৰ শীক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰিব।


অসম প্ৰদেশ কংগ্ৰেছ সমিতি(এপিচিচি)অনুসৰি, ৰাহুল গান্ধীয়ে ১৯ মাৰ্চৰ দিনৰ ১১:৩০ বজাত ডিব্ৰুগড় জিলাৰ লাহোৱালত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত ভাগ লব। আবেলি ৪ বজাত চাবুৱাত ডিনোজী টি ষ্টেট চাহ বাগানৰ শ্ৰমিকক লগ কৰিব।


ৰাহুলে ১৯ মাৰ্চ তাৰিখে তিনিচুকীয়াৰ ডুমডুমাত এখন বিশাল ৰেলীত ভাগ লব। ২০ মাৰ্চত যোৰহাট জিলাৰ মৰিয়নী আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ আগতে ১৪ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসমৰ শিৱসাগৰ জিলা ভ্ৰমন কৰিছিল।

১ আৰু ২ মাৰ্চ তাৰিখে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমন কৰে আৰু চাহ বাগানৰ মহিলা কৰ্মীসকলৰ সৈতে মতবিনিময় কৰিছিল। লগতে শোনিতপুৰত এক ৰাজহুৱা ৰেলীত যোগ দিছিল।

media school
Leave A Reply

Your email address will not be published.