দেশত পুনৰ ব্যাপক হাৰত বৃদ্ধি ক’ভিড আক্ৰান্ত

0 302

দেশত পুনৰ ক’ৰণাই লৈছে ভয়ংকৰ ৰূপ ৷

দৈনিক বাঢ়ি আহিছে ক’ৰণা ৰোগীৰ সংখ্যা ৷

ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই অহাৰ ফলত ২৪ ঘন্টাত আক্ৰান্ত ক’ৰণা ৰোগীৰ সংখ্যা হৈছে ৪০,৯৫৩ জন ৷

ইয়াৰ বিপৰীতে কৰ’ণাত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১৮৮ জন ৷

মহাৰাষ্ট্ৰত একেদিনাই সংক্ৰমিতৰ সংখ্যা হৈছে ২৫,৮৩৩ জন।

দেশৰ কেইখনমান ৰাজ্যত অতি বেছি ভয়ংকৰ ৰূপ লৈছে মহামাৰী কৰ’ণাই ৷

পঞ্জাৱ , মহাৰাষ্ট্ৰ , ছট্টীশগড় , গুজৰাটত ব্যাপক হাৰত বাঢ়িছে ক’ভিড আক্ৰান্ত ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া কেইবাখনো চহৰত দিয়া হৈছে লকডাউন ৷

মধ্যপ্ৰদেশ , ইন্দোৰ , ভূপাল , জবলপুৰত তিনিদিন সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷

নাগপুৰতো ২১ মাৰ্চলৈ ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন আৰু থানে , ঔৰংজাবাদ ,জলগাঁও , নাণ্ডেৰ , অমৰাৱতী ,পুণে , আহমেদাবাদ , চুৰট ,মুম্বাই নাচিকত নাইট কাৰ্ফিউ জাৰি কৰা হৈছে ৷

ক’ৰণাৰ বাবে বন্ধ কৰা হৈছে পঞ্জাৱতো বহু বিদ্যালয় ৷

ৰাজহুৱা অনুষ্ঠান ৰ ক্ষেত্ৰতো ক’ৰণাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্যকেইখনৰ চৰকাৰে ৷

শেহতীয়া কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো মাস্ক পৰিধানৰ ক্ষেত্ৰত গুৰত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে যে মাক্স পৰিধান নকৰিলে বিহিব লাগিব ৫০০ ৰ পৰা ১০০০ টকা পৰ্যন্ত ৷

সাম্প্ৰতিক ক’ৰণাৰ ত্ৰাসত সমগ্ৰ দেশ , গতিকে সাৱধানতা অৱলম্বন কৰাতো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে

Leave A Reply

Your email address will not be published.