থালাইভি: জয়াললিতাৰ বায়পিকত কংগনাৰ অভিনয়

0 1,215

বলিউডত পুনৰ কংগনাৰ বোলছবি

ৰাজনীতিবিদ জয়াললিতাৰ জীৱনৰ ওপৰত আধাৰিত ছবিত দেখা পোৱা যাব বহু সময়ত বিতৰ্কৰ মাজলৈ অহা কংগনা ৰানাৱতক ।অভিনেত্ৰী গৰাকীয়ে ২৩মাৰ্চ অৰ্থাৎ আজিৰ দিনটোত নিজৰ জন্মদিন উপলক্ষে ‘থালাইভি’ শীৰ্ষক বোলছবিৰ ট্ৰেইলাৰ মুকলি কৰিলে ।অনুৰাগীসকলে কি আশা কৰিব পাৰে তাৰ এক আভাস প্ৰকাশ কৰিছে কংগনাই ট্ৰেইলাৰ জৰিয়তে

বোলছবিখনত কংগনাই জয়াললিতাৰ চৰিত্ৰ ৰূপায়ন কৰাৰ বাবে শৰীৰৰ ওজন ২০কি:গ্ৰা:লৈ বৃদ্ধি কৰিছে কংগনাই কেইমাহমানৰ অন্তৰালত পুনৰ এক শিথিল আৰু সুস্থ শৰীৰৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হৈছে বুলি জনায়।

ছবিখনত জয়াললিতাৰ চৰিত্ৰ ৰূপায়ন কৰাৰ ফটো ইতিমধ্যে চছিয়েল মাধ্যমত প্ৰকাশ কৰিছে অভিনেত্ৰী কংগনাই ।

ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীয়ে পৰিচালক এল বিজয়কো প্ৰশংসা কৰ ছবিখন যদি বিতৰ্কৰ আওতালৈ আহে তেন্তে প্ৰত্যুত্তৰ দিবলৈ সাজোঁ থকা বুলি টুইটযোগে জনায় কংগনা ৰানাৱতে ।

থালাইভি চলচিত্ৰখনে ছবি উদ্যোগটোৰ লগতে ৰাজনীতি ক্ষেত্ৰখনটো জয়াললিতাৰ জীৱনৰ এক সুন্দৰ উপস্থাপন কৰিব বুলি বিভিন্ন মাধ্যমত সম্প্ৰচাৰ কৰিছে ।

media school
Leave A Reply

Your email address will not be published.