ইংলেণ্ডৰ বিৰুদ্ধে গব্বৰৰ অৰ্ধশতক অৰ্জন

0 208

প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচত অৰ্ধশতক লাভ কৰিবলৈ সক্ষম হয় শিখৰ ধাৱনে।পুনেৰ এম চি এ ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত হোৱা দিবা-নৈশ ক্ৰিকেট মেচখনত টীম ইণ্ডিয়াৰ বাওঁহতীয়া অপেনা’ৰ গব্বৰ খ্যাত শিখৰ ধাৱনে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয়।

এই খেল খনত তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে ৯৮ৰাণ সংগ্ৰহ কৰি অৰ্ধশতক অৰ্জন কৰে।আনফালে ২ৰাণৰ ব্যৱধানত শতক অৰ্জনৰ পৰা বঞ্চিত হয় অপেনা’ৰ গৰাকী।খেল খনত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই “মেন অৱ দ্যা মেচ”ৰ খিতাপ অৰ্জন কৰে খেলুৱৈ গৰাকীয়ে।

“মেন অৱ দ্যা মেচ “ৰ খিতাপ গ্ৰহণ কৰাৰ সময়ত আৱেগিক হৈ পৰে টীম ইণ্ডিয়াৰ গব্বৰে।খিতাপ গ্ৰহণ কৰি তেওঁ কয় যে মোৰ প্ৰদৰ্শনতকৈ টীমৰ জয়ত বহুত সুখী।মই মোৰ শৰীৰ চৰ্চাক লৈ বহুত খিনি পৰিশ্ৰম কৰিছিলো আৰু আজি সেয়া তাৰেই ফল।

ইংলেণ্ডৰ বিৰুদ্ধে খেলা খনত অপেনা’ৰ গৰাকী ১০৬টা বলত ৯৮ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ বিজয় ধ্বজা উৰুৱাই ।টীম ইণ্ডিয়াৰ অপেনা’ৰ হিচাপে ৪৮বাৰলৈ অৰ্ধশতক অৰ্জন কৰে শিখৰ ধাৱনে।

Leave A Reply

Your email address will not be published.