আলিয়া ভাটৰ বিৰুদ্ধে চমন জাৰি মুম্বাই আদালতৰ

0 372

বলিউড অভিনেত্ৰী আলিয়া ভাট আৰু যশস্বী পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ওপৰত এক গোচৰ ৰুজু কৰা হৈছে।সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত চিনেমা গাংগুৱাই কাঠিৱাডিক লৈ ৰুজু কৰা হৈছে গোচৰটো।

মুম্বাইৰ এখন অতিৰিক্ত মুখ্য মেট্ৰপলিটান দণ্ডাধীশ আদালতে দুয়োকে চমন জাৰি কৰিছে।২১মে’ৰ পূৰ্বে আদালতত হাজিৰ হবলৈ নিৰ্দেশ জাৰি কৰিছে তেওঁলোকক।বাবু ৰৱী শ্বাহ নামৰ লোক এজনে ৰুজু কৰিছে এই গোচৰ।সঞ্জয় লীলা ভাঞ্চালীৰ দ্ধাৰা নিৰ্মিত ছবি গাংগুৱাই কাঠিৱাডিত মুখ্য ভূমিকাত অভিনয় কৰিছে বলিউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটে।

গাংগুৱাই কাঠিৱাডি নামৰ মুম্বাইৰ এগৰাকী দেহোপজীৱনী তথা মাফিয়া কুইনকলৈ লিখা হুছেইন জাইদিৰ “মাফিয়া কুইন অৱ মুম্বাই”ৰ আধাৰত নিৰ্মান কৰা হৈছে চিনেমাখন।বাবু ৰৱী শ্বাহে দাবী কৰা মতে তেওঁ গাংগুৱাই কাঠিৱাডিৰ তোলনীয়া পুত্ৰ ।লগতে তেওঁ কয় যে কিতাপ খনত সন্নিৱিষ্ট হোৱা গাংগুৱাই কাঠিৱাডিৰ অধ্যায়টো অসন্মানজনক।

তেওঁৰ তোলনীয়া মাকৰ মৰ্যদা হানি কৰাৰ লগতে আত্মসন্মানতো আঘাত হানিছে ছবিখনে ।উল্লেখযোগ্য যে “গাংগুৱাই কাঠিৱাডি”ৰ শুভমুক্তিৰ তাৰিখ ৩০জুলাই।ছবিখনত আলিয়া ভাটৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰিছে অজয় দেৱগণে।

media school
Leave A Reply

Your email address will not be published.