প্ৰেমৰ বাবেই প্ৰেমিকৰ ব্যতিক্ৰমী প্ৰয়াস

0 322

প্ৰেমৰ বাবেই তাজমহলৰ সৃষ্টি হৈছিল ।প্ৰেমৰ বাবে ৰামে সীতাক উদ্ধাৰ কৰিবলৈ সাগৰ পাৰ হৈ গৈছিল। প্ৰেমৰ বাবেই এই পৃথিৱীতে বহুতো ঘটনা ঘটে ।তেনে এক পৰিঘটনা এইখন ভাৰততে ঘটিছে ।


নিজৰ প্ৰেমৰ পৰিচয় হিচাপে উপহাৰ প্ৰদান কৰিলে এক ব্যতিক্ৰমী কৰ্মৰে ।
চিনেমাত দেখুওৱাৰ দৰে এনে এটা ঘটনাৰ সাক্ষী হৈ ৰৈছে এখন গাঁৱৰ এটা পকী পথ ।

কোলাপুৰৰ শিৰোল তহচিলৰ ধৰনগাটি গাঁৱৰ এজন অজ্ঞাত লোকে ৰঙেৰে গাঁওখনৰ মূল পথৰ ২.৫ কিলোমিটাৰ অংশত ‘আই লাভ ইউ ‘ আৰু’ আই মিছ ইউ ‘লিখি চৰ্চাত এজন অজ্ঞাত লোক লগতে ব্যক্তিগৰাকীয়ে ৰঙেৰে লিখিছে
“জিন্দেগী কে চাথ ভি, জিন্দেগী কে বাদ ভী”।


এই লিখনিৰ বাবে ব্যৱহাৰ কৰিছিল অইল পেইণ্ট । গাঁৱৰ ৰাইজে দেখা পায় এই বিষয়ে আৰক্ষীক অৱগত কৰে ।
অজ্ঞাত প্ৰেমিকক এতিয়াও চিনাক্ত কৰিব পৰা নাই গাঁওবাসীয়ে ।স্থানীয় আৰক্ষীয়ে গাঁওখনৰ একাংশ যুৱকে এই কাম কৰিছে বুলি সন্দেহ কৰিছে ।

Leave A Reply

Your email address will not be published.