ভাৰত বন্ধৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাই
আজি পুৱাৰে পৰা কৃষক বিৰোধী তিনি খনকৈ আইনৰ বিৰুদ্ধে কৃষক সগঠনে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ দেশৰ কেইবাটাও প্ৰান্তত সৰ্বাত্মক ৰূপত দেখা পোৱা গৈছে ।
উত্তৰ প্ৰদেশ দিল্লী সীমান্তৰ গাজীপুৰত ৰে’ল অৱৰোধ কৰে ।
অসমতো ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ দেখা পোৱা গৈছে।
এইবাৰ ভাৰত বন্ধৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাই ।
চৰকাৰে কৃষকৰ দাবী সমূহক সঠিক বাবে গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত ২৬মাৰ্চ ভাৰত বন্ধৰ আহ্বান জনাইছে ।
বন্ধৰ সময়ছোৱাত ৰাজহুৱা সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ ৰাখিবলৈ আহ্বান মৰ্চাৰ ।
২৮মাৰ্চত ‘হোলিকা দাহন’ অনুষ্ঠানৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে কৃষি আইন কেইখনৰ প্ৰতিলিপি দাহ কৰিব বুলি জানিব দিয়ে ।
অসমত চলি থকা বিধান সভাৰ নিৰ্বাচনৰ এটা দিন পূৰ্বে হোৱা এই বন্ধই সমষ্টি সমূহৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ এটা প্ৰভাৱ পেলাব পৰা নাই ।