১ এপ্ৰিলৰ পৰা বিমানৰ টিকটৰ মূল্যবৃদ্ধি হ’ব

0 303

১এপ্ৰিলৰ পৰা ,বিমান সুৰক্ষা বৃদ্ধিৰ বাবে বিমানৰ টিকটৰ মাচুল বৃদ্ধি কৰা হব ।
ASF ৰ বাবে বিমানৰ টিকটৰ মাচুল বৃদ্ধি কৰা হৈছে ।

ASF হৈছে সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থাৰ পুঁজি ৰখাৰ বাবে ব্যৱহাৰ কৰা এক ব্যৱস্থা ।

কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনীয়ে অসামৰিক বিমান মন্ত্ৰালয়ৰ অধীনত দেশৰ বেছিভাগ বিমানবন্দৰত নিৰাপত্তাৰ হেতু এক বিশেষভাবে চোৱাচিতা কৰে ।

ইতিমধ্যে ,ঘৰুৱা যাত্ৰীসকলৰ বাবে ASF এ ৪০টকাকৈ বৃদ্ধি কৰিছে লগতে আন্তৰ্জাতিক যাত্ৰীসকলৰ বাবে ১১৪.৩৮টকাকৈ বৃদ্ধি কৰা হৈছে ।

যোৱা ২১ মাৰ্চত ডি জি চি এ জাৰি কৰা জাননী অনুসৰি ২০২১ চনৰ ১এপ্ৰিল ৰ পৰা কাৰ্যকৰী হব এই নিয়মাৱলী ।

দুবছৰৰ কম বয়সৰ শিশু ,ভাৰতীয় বায়ুসেনাৰ কৰ্মী ,ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ বাবে ভ্ৰমণ কৰা চৰকাৰী কৰ্মীয়ে এই সন্দৰ্ভত কিছু ৰেহাই পাব বুলিও জানিব দিয়ে ।

কভিড মহামাৰীৰ বাবে অতিকৈ ক্ষতিগ্ৰস্থ হোৱা ভাৰতীয় বিমানসমূহে যথেষ্ট কষ্ট কৰিব লগা হৈছে ইয়াৰ উপৰিও ব্যক্তিগত বিমান সমূহে এতিয়াও সঠিক ভাবে সবল হব পৰা নাই এই ক্ষেত্ৰত চৰকাৰে বেছি সংখ্যক মানুহক ভ্ৰমণৰ বাবে উদগনি জনাইছে ।

media school
Leave A Reply

Your email address will not be published.