পাকিস্তানে উঠাই ললে চেনী, কপাহৰ ওপৰত ৰুজু কৰা নিষেধাজ্ঞা

0 675

ইমৰান খানৰ নেতৃত্বত পাকিস্তান চৰকাৰে ভাৰতৰ পৰা চেনী আৰু কপাহৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱাৰ সম্ভাৱনা আছে। পাকিস্তান বাণিজ্য মন্ত্ৰালয়ে ভাৰতৰ পৰা আমদানি অনুমোদনৰ বাবে কেবিনেটৰ সন্মুখত টোকা প্ৰস্তুত কৰি মুকলি কৰিছে ।

“নৱনিযুক্ত বিত্ত মন্ত্ৰী হামমাদ আজহাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব লগীয়া ইচিচি বৈঠকৰ কাৰ্যসূচীত ২১ টাকৈ সামগ্ৰী অন্তৰ্ভুক্ত আছে, এই তথ্য পাকিস্তানী বাতৰি দৈনিক দ্য ডনে প্ৰকাশ কৰিছে। ভাৰত-পাক বাণিজ্য ক্ষেত্ৰখন পুনৰ মুকলি কৰিবৰ বাবে পাকিস্তানৰ কেবিনেটৰ অৰ্থনৈতিক সমন্বয় সমিতিয়ে এক সভা অনুষ্ঠিত কৰি এই কথা সদৰি কৰে ।

ইতিমধ্যে, বস্ত্ৰ খণ্ডৰ বাবে কেঁচা সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ প্ৰচেষ্টাত ভাৰতৰ পৰা কপাহ আৰু কপাহৰ সূতা আমদানিৰ ওপৰত নিষেধাজ্ঞা উঠাবলৈ ইচিচিৰ পৰা অনুমতি বিচাৰিছে পাকিস্তানে

বাণিজ্য আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী ইমৰান খানে ইতিমধ্যে ইচিচিৰ এই পদক্ষেপক অনুমোদন জনায় ।

মঙলবাৰে প্ৰধানমন্ত্ৰী ইমৰান খানে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক এখন পত্ৰযোগে জনায় যে পাকিস্তান আৰু ভাৰতৰ মাজত, বিশেষকৈ জম্মু আৰু কাশ্মীৰ সমস্যাৰ মাজত সকলো সমস্যা সমাধানৰ বাবে গঠনমূলক আৰু ফলাফলমুখী আলোচনাৰ বাবে এক “সুস্থিৰ পৰিৱেশ” সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় ।

media school
Leave A Reply

Your email address will not be published.