পুনৰ দাম বৃদ্ধি বিভিন্ন সামগ্ৰীৰ

0 1,465

আৰম্ভ হ’ল ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ ৷

নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰাই গ্ৰাহকক চিন্তাত পেলাই বৃদ্ধি পালে বহু সামগ্ৰী, সেৱাৰ মূল্য ৷

মূল্য বৃদ্ধি হ’ল ট্ৰেক্টৰ , গাড়ী , মটৰচাইকেলৰ মূল্য ৷ বৃদ্ধি পালে বিমানযাত্ৰাৰ সেৱাৰ মাচুল ৷

সমান্তৰালভাৱে বৃদ্ধি পালে এ চি , কুলাৰ , ফ্ৰীজ , টিভি , স্মাৰ্টফোনৰ দৰে ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম ৷
ভাৰতৰ শীৰ্ষস্থানীয় গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি চুজুকিয়ে গাড়ীৰ মূল্য ৩ ৰ পৰা ৫ শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷

যাৰ ফলত গাড়ীৰ মূল্য সৰ্বাধিক ৪৭ হেজাৰ টকাপৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

হিৰোমট’ক’ৰ্পেও বাহনৰ মূল্য ২,৫০০ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷ ব্যয়বহুল হৈছে বিমানযাত্ৰাও ৷

প্ৰতিটো বিমানৰ টিকটত ডি জি চি এয়ে বিমান বন্দৰ সুৰক্ষা মাচুল বৃদ্ধি কৰাৰ ফলত ঘৰুৱা বিমানযাত্ৰাত ৪০ টকা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত ১১৪.৩৮ টকা অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব ৷

এনেদৰেই টেলিভিচনৰ ক্ষেত্ৰতো মূল্য প্ৰায় ৩৫ শতাংশ বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.