অসমলৈ সুনাম ইটাখোলাৰ প্ৰান্তিকাৰ

0 317

ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত ইটাখোলালৈ সুনাম কঢ়িয়ালে প্ৰান্তিকা বৰাই ৷

জামুগুৰিহাটৰ ইটাখোলা অঞ্চললৈ উশ্বুৰ জৰিয়তে ১৩ বছৰীয়া প্ৰান্তিকা বৰাই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

প্ৰান্তিকা হ’ল ইটাখোলা নিবাসী প্ৰশান্ত বৰা আৰু বিজয়া বৰাৰ একমাত্ৰ কন্যা ।

প্ৰান্তিকা বৰ্তমান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ।

২০১৬ চনৰ পৰাই প্ৰান্তিকা উশ্বুৰ লগত জড়িত হৈ বহুকেইটা ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলাভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত ১ টা ব্ৰঞ্জৰ পদক, ৰাজ্যিক পৰ্য্যায়ত ৩ টা সোণৰ পদক ,চিলভাৰ পদক ২ টা , ব্ৰঞ্জৰ পদক ১ টা আৰু জিলাভিত্তিত সোণৰ পদক ৪ টা , চিলভাৰ পদক ১ টা ,সৰ্বমুঠ – ১২ টা পদক লাভ কৰি ২০১৭ চনত ইউ আৰ এফ বিশ্ব ৰেকৰ্ডৰ শিতানত নাম অন্তৰ্ভুক্ত কৰিবলৈকো সক্ষম হৈছ ।

উশ্বুৰ জৰিয়তে অতি কম বয়সতে প্ৰান্তিকাই কেৱল পিতৃ-মাতৃৰ অনুপ্ৰেৰণাৰ বাবে এই যাত্ৰাত সফল হৈছো বুলি জানিবলৈ দিয়ে ।

লগতে কয় যে মোৰ শিক্ষাগুৰু তথা চতিয়া নিবাসী পদ্ম জায়ৰোৰ বিশেষ অনুশীলনৰ বাবে মই তেওঁক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মই নিজে ঘৰত পঢ়াৰ লগতে উশ্বু অনুশীলনতো ব্যস্ত থাকো ।

প্ৰান্তিকাই ২০১৭ বৰ্ষত উশ্বুৰ ডিপ্ল’মা লাভ কৰিবলৈও সক্ষম হৈছে । কন্যাগৰাকীৰ এনে বৃহৎ সফলতাৰ বাবে অঞ্চলবাসীৰ লগতে বৃহত্তৰ জামুগুৰিহাট বাসী ৰাইজে শলাগ লৈ উৎজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

Leave A Reply

Your email address will not be published.