অৱশেষত মুকলি হ’ল দুই কুইপ’ বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ

0 5,041

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰী ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা(স্বা)নে অপহৰণ কৰি নিয়াৰ পাছত প্ৰায় চাৰি মাহৰ মূৰত আজি মুকলি কৰি দিয়ে

শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ পৰিয়াল বৰ্গই বিগত চাৰি মাহে তীব্ৰ মানসিক চাপৰ মাজত থকাৰ পাছত আজি হাঁহি বিৰিঙিছে পৰিয়ালৰ লোকৰ মুখত।

ডিচেম্বৰ মাহত অপহৰণ কৰাৰ পাছত বিভিন্ন প্ৰেক্ষাপটত গগৈ আৰু কুমাৰৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

প্ৰায় বিশ কোটি টকা আলফাই মুক্তিপণ দাবী কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাছত দুই অপহৃত কৰ্মচাৰীৰ মুক্তি এসময়ত ধূসৰ হৈ পৰিছিল।

এনে পৰিস্থিতিত অৱশেষত দুই কৰ্মচাৰীৰ মুক্তিক লৈ এক সৱল জনমত গঠন হোৱাৰ লগতে ৰাইজৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই আলফা স্বাধীনে আজিৰ পৰা কিছুদিনৰ আগত বিনাস্বৰ্তে মুক্তিৰ ঘোষণা কৰাৰ পাছত আজি অসম-অৰুণাচল সীমান্তৰ এক অজ্ঞাত ঠাইত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।

ইতিমধ্যে প্ৰণৱ কুমাৰ গগৈৰ পৰিবাৰ নিজ স্বামীক আনিবলৈ তিনিচুকীয়া লৈ যাত্ৰা কৰিছে

গগৈৰ পিতৃ-মাতৃয়ে পুত্ৰৰ মুক্তিৰ বাবে সুখ প্ৰকাশ কৰি ভগৱানক ধন্যবাদ জনাইছে

media school
Leave A Reply

Your email address will not be published.