অসম আৰক্ষীৰ প্ৰাক্তন আই পি এছ বিষয়া, বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান
অসম আৰক্ষীৰ প্ৰাক্তন আই পি এছ বিষয়া, বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান।
আজি পুৱা ৪:৩০ বজাত ‘নেমকেয়াৰ হাস্পতাল’ত হিৰণ্য কুমাৰ ভট্টাচাৰ্যই শেষ নিশ্বাস ত্যাগ কৰে।
ইতিমধ্যে চিকিৎসালয়ৰপৰা বেলতলাৰ বাসগৃহলৈ নিয়া হৈছে তেওঁৰ নশ্বৰ দেহ৷ নৱগ্ৰহ স্মশানত কৰা হ’ব ভট্টাচাৰ্যৰ শেষকৃত্য।
দীৰ্ঘদিন ধৰি তেওঁ হাওঁফাওঁৰ সমস্যাত ভুগি থকাৰ লগতে
ক’ভিডতো আক্ৰান্ত হৈছিল।
১৯৫৮ বেটছৰ আই পি এছ বিষয়া আছিল ভট্টাচাৰ্য ৷
অসম আন্দোলনৰ অনন্য ব্যক্তিত্ব হোৱাৰ লগতে আন্দোলনক সমৰ্থন কৰাৰ বাবে কাৰাবাস পৰ্যন্ত খাতিছিল ভট্টাচাৰ্যই৷
তদুপৰি নিবন্ধ লেখক, প্ৰখৰ বক্তা হিচাপেও তেওঁৰ আছিল এক সুপৰিচিত নাম৷ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছে ভট্টাচাৰ্যই৷
বাংলাদেশক স্বাধীন কৰা ক্ষেত্ৰত অসমত মুক্তিবাহিনীৰ প্ৰশিক্ষণ দিছিল আৰু তাৰ বাবে ২০১৩ চনত বাংলাদেশ চৰকাৰে প্ৰদান কৰিছিল ‘FRIENDS OF LIBERATION WAR HONOUR বঁটা