জুন্টাৰ অত্যাচাৰ: মণিপুৰ, মিজোৰামত আশ্ৰয় ল’লে ম্যানমাৰৰ এহাজাৰ নাগৰিকে

0 415

গৃহ যুদ্ধৰ দিশত অগ্ৰসৰ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ।

চাৰিওফালে ৰক্তপাতৰ পৰিৱেশ ক্ৰমাৎ বৃদ্ধি হৈ আহিছে।

জুণ্টা সামৰিক বাহিনীয়ে বিভিন্ন প্ৰদেশৰ জনগোষ্ঠীয় গাঁও সমূহত কৰা ধাৰাবাহিক হত্যাকাণ্ড,বোমাবৰ্ষণ আৰু আৰক্ষীৰ নিৰ্যাতনৰ পৰা বাচিবলৈ প্ৰায় একহাজাৰ নাগৰিকে পলায়ন কৰি সম্প্ৰতি মিজোৰাম আৰু মণিপুৰত আশ্ৰয় গ্ৰহণ কৰি আছে।

জুণ্টা সামৰিক বাহিনীৰ অভিযানত ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা কমেও ৫১০ জন লোকক হত্যা কৰিছে।

প্ৰতিবাদকাৰীক আটক কৰাৰ বাবে ম্যানমাৰ জুণ্টা বাহিনীৰ নিৰ্দেশত ইণ্টাৰনেট সেৱা ও বন্ধ কৰি দিয়া হৈছিল ।

বিগত এসপ্তাহ ধৰি মিজোৰামৰ লগত লাগি থকা শ্বিন প্ৰদেশত ম্যানমাৰ সেনা তাদমাদাৱে কৰা অকথ্য নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ শ্বিন প্ৰদেশৰ নাগৰিকে ইণ্ডো-ম্যানমাৰ আন্তৰ্জাতিক সীমা পাৰ হৈ মিজোৰামত আশ্ৰয় লৈছে।

ইতিমধ্যে ম্যানমাৰ নাগৰিকক মানৱীয় আশ্ৰয় আৰু চিকিৎসা প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে মণিপুৰ ,মিজোৰাম আৰু অৰুণাচল প্ৰদেশ চৰকাৰক সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

লগতে যুদ্ধৰ অজুহাত লৈ যাতে অবৈধভাৱে ম্যানমাৰৰ শৰণাৰ্থীয়ে উত্তৰ-পূৰ্বাঞ্চলত পলাই আহি আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰে তাৰপ্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আছাম ৰাইফলছক নিৰ্দেশ দিয়া হৈছে।

নিৰপৰাধী নাগৰিকক সেনাৰ নিৰ্বিচাৰ হত্যাৰ পৰা ৰক্ষা কৰিবলৈ মানৱীয় আশ্ৰয় প্ৰদান কৰিবৰ বাবে প্ৰধানমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই ।

শ শ লোকে পলায়ন কৰি আশ্ৰয় গ্ৰহণ কৰাকলৈ গভীৰ সহানুভূতি প্ৰকাশ কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এয়া মানৱীয় সংকট।ম্যানমাৰৰ শ্বিন প্ৰদেশৰ লোকৰ সৈতে মিজোৰামৰ নৃগোষ্ঠীয় সম্পৰ্ক আছে।

যদি ম্যানমাৰত সামৰিক বাহিনীৰ অত্যাচাৰ এনেদৰে অব্যাহত থাকে তেনেহ’লে অতিশীঘ্ৰে দেশ খনত গৃহ যুদ্ধ ঘটাৰ সম্ভাৱনা আছে।

media school
Leave A Reply

Your email address will not be published.