দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব এন ভি ৰামান্না

0 240

ন্যায়াধীশ এন ভি ৰামান্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব। ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ নামত সন্মতি প্ৰদান কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ ববডে ন্যায়াধীশ এন ভি ৰামান্নাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ প্ৰদান কৰিছে ।

চিজেআই এছএ ববডে ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিছে আৰু ন্যায়াধীশ এন ভি ৰমনাই ২৪ এপ্ৰিলত পৰৱৰ্তী চিজেআই হিচাপে শপত গ্ৰহণ কৰিব। ন্যায়াধীশ নাথুলাপতি ভেঙ্কট ৰামান্নাক ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। অৱশ্যে, ন্যায়াধীশ ৰামান্নাই ২৬আগষ্ট, ২০২২ তাৰিখে অৱসৰ লোৱাৰ কথা থকাৰ বাবে তেওঁৰ কাৰ্যকালত দুবছৰতকৈও কম সময় বাকী আছে।

Leave A Reply

Your email address will not be published.