১০ ধনাঢ্যৰ তালিকাৰ শীৰ্ষত মুকেশ আম্বানি

0 489

ফ’ৰ্বছে প্ৰকাশ কৰা বিলিয়নাৰ তালিকাত ভাৰতৰ শীৰ্ষ ১০ ধনাঢ্য ব্যক্তিৰ তালিকাত প্ৰথম স্থানত আছে ভাৰতৰ আগশাৰীৰ ইণ্ডাষ্ট্ৰিজ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ স্বতাধিকাৰী মুকেশ আম্বানি।

৮৪.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে শীৰ্ষত মুকেশ আম্বানি।শীৰ্ষত মুকেশ আম্বানিৰ বিপৰীতে দ্বিতীয় স্থানত আছে আদানি গ্ৰুপৰ স্বতাধিকাৰী গৌতম আদানি।

ভাৰতৰ বিমান বন্দৰ ব্যৱস্থাপনা আৰু পৰিচালনাৰে সম্পত্তি বৃদ্ধি কৰা গৌতম আদানিৰ সম্পত্তিৰ মূল্য ৫০.৫ বিলিয়ন মাৰ্কিন ডলাৰ।

আনহাতে তৃতীয় স্থানত আছে এইচ চি এলৰ প্ৰতিষ্ঠাতা শিৱ নাডাৰ(২৩.৫),চতুৰ্থ স্থানত আছে এভিনিউ ছুপাৰ মাৰ্টছৰ প্ৰতিষ্ঠাতা ৰাধাকৃষ্ণ ডামানি(১৬.৫),আৰু ১৫.৯ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তিৰে পঞ্চম স্থানত কোটাক মহিন্দ্ৰ বেংকৰ পৰিচালন সঞ্চালক উদয় কোটাক।

লক্ষণীয় বিষয় যে ভাৰতৰ দ্বিতীয় ধনাঢ্য ব্যক্তি গৌতম আদানিয়ে বিগত বৰ্ষত(২০২০)বিশ্বৰ ধনাঢ্য ব্যক্তি আমাজনৰ প্ৰতিষ্ঠাতা জেফ বেজছ আৰু টেছলাৰ স্বতাধিকাৰী এলন মাৰ্ক্সতকৈ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল

media school
Leave A Reply

Your email address will not be published.