মিছেছ ৱৰ্ল্ডে কাঢ়ি নিলে বিজয়ীৰ মুকুট! তাৰ পাছত ঘটিল এয়া

0 8,400

শ্ৰীলংকাৰ চলিত বৰ্ষৰ মিছেছ শ্ৰীলংকা সৌন্দৰ্য প্ৰতিযোগিতাত পূৰ্বতে কাহানিও নঘটা এটা ঘটনাৰ সাক্ষী হয়।

দেওবাৰে হোৱা চূড়ান্ত ঘোষণাৰ পিছত বিজয়ী হিচাপে পুষ্পিকা ডে ছিলভাৰ মূৰত বিজয়ী মুকুট পিন্ধাই দিয়া হয়।

কিন্তু শিৰত পিন্ধোৱা খন্তেক সময়ৰ পাছতে ২০১৯ চনৰ মিছেছ শ্ৰীলংকা আৰু বৰ্তমানৰ মিছেছ ৱৰ্ল্ড কেৰোলিন জুৰীয়ে পুষ্পিকাৰ মূৰৰ পৰা মুকুটটো কাঢ়ি নিয়ে আৰু প্ৰথম ৰানাৰ আপক পিন্ধাই দিয়ে।

পুষ্পিকা বিজয়ী হোৱা বুলি ঘোষণাৰ পিছত কেৰোলিন মঞ্চলৈ আহে আৰু পুষ্পিকা এগৰাকী বিবাহ বিচ্ছেদিত নাৰী বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছে বুলি কয়।

কেৰোলিনৰ মতে কেৱল বিবাহিত মহিলাহে মিছেছ শ্ৰীলংকা হ’ব পাৰে।

এই সম্পৰ্কীয় এটা ভিডিঅই ইণ্টাৰনেটত খলকনি তুলিছে।ভিডিঅটো প্ৰায় ১২ লাখ বাৰ বিভিন্নজনে চাইছে।

এই ঘটনাত হতচকিত হোৱা পুষ্পিকাই তেওঁৰ বিবাহ বিচ্ছেদ হোৱা নাই বুলি সদৰী কৰিছে।
ইফালে মিছেছ শ্ৰীলংকা ৱৰ্ল্ডৰ সঞ্চালকগৰাকীয়ে পুষ্পিকাক মুকুটটো কালি ঘূৰাই দিয়া বুলি সদৰী কৰি কেৰোলিন জুৰীৰ আচৰণত অসন্তুষ্টি প্ৰকাশ কৰিছে।

লগতে তেওঁ জনায় যে মিছেছ ৱৰ্ল্ড সংস্থাই এই বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।

media school
Leave A Reply

Your email address will not be published.