পুত্ৰই বিয়া কৰাবলৈ ল’লে নিজৰেই ভগ্নীক! হতভম্ব মাতৃ !
এনেকুৱা ঘটনা চিনেমাত দেখা পাইছে সকলোৱে ৷
কিন্ত এইবাৰ চুবুৰীয়া দেশ চীনত সংঘটিত হৈছে এক আচৰিত ঘটনা ৷
চীনৰ এগৰাকী মাতৃৰ পুত্ৰৰ বিবাহৰ সময় হ’ল ৷ বিয়া কৰাবলৈ ওলালে এগৰাকী যুৱতীক ৷
৩১ মাৰ্চত চীনৰ জিয়াংচু প্ৰদেশৰ চুঝৌ ত তেওঁৰ পুত্ৰৰ বিয়াত কইনাৰ হাতত থকা এটা বাৰ্থমাৰ্ক দেখি হতভম্ব হৈ পৰিল মাতৃ ৷
দুচকু পানীৰে উপচি পৰিল ৷ হ’বলগীয়া বোৱাৰীয়েকৰ হাতত থকা বাৰ্থমাৰ্কটো তেঁওৰ হেৰাই যোৱা জীয়ৰীৰ বাৰ্থমাৰ্কটোৰে মিলি গৈছিল ।
মহিলাগৰাকী কইনাৰ পৰিয়ালৰ ওচৰলৈ গৈ পৰিয়ালক ছোৱালীজনী তুলি লৈছিল নেকি সুধিছিল ৷
কইনাৰ পৰিয়ালে উত্তৰ দিছিল যে বিশ বছৰ আগতে ছোৱালীজনীক ৰাস্তাৰ কাষত পাইছিল ৷
ইমানদিনে এই কথাটো গোপনে ৰাখিছিল ৷ দ’ৰাৰ মাতৃৰ হেৰাই পোৱাৰ আনন্দত দুচকু উপচি পৰিছিল ৷
সমানে কইনায়ো প্ৰকৃত মাতৃক কাষত আনন্দত আত্মহাৰা হৈছিল ৷
হ’বলগীয়া স্বামী হৈ পৰিছিল কইনাৰ ভাতৃ ৷
কিন্ত ঘটনা অনুসৰি দ’ৰাকো তুলি লোৱা হৈছিল কইনাজনী হেৰাই যোৱাৰ পাছত ৷
তেজ-মঙহৰ সম্পৰ্ক নথকাৰ বাবে মাংগলিক কাৰ্যকলাপেৰে বিবাহ সম্পন্ন হয় দুয়োৰে।
হেৰাই যোৱা আপোনক পাই সুখী বৰ্তমান দুয়ো পৰিয়ালৰ লোক ৷