৪ মে’ৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী।
অহা ৪মে’ৰ পৰা আৰম্ভ হৈ ২৯মে’ত অন্ত পৰিব পৰীক্ষা।
ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ পুৱাৰ ভাগত অনুষ্ঠিত হবলগীয়া পৰীক্ষা সমূহ।
আনহাতে বিয়লিৰ পৰীক্ষা সমূহ অনুষ্ঠিত হব দিনৰ ১:৩০বজাৰ পৰা বিয়লি ৪:৩০ বজালৈকে।
কোৰোণাৰ দ্বিতীয়টো ত্ৰাসৰ মাজতে অনুষ্ঠিত হবলগীয়া পৰীক্ষাক লৈ চিন্তা-চৰ্চ্চা চলিছে একাংশৰ মাজত।
কাৰণ ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ লোৱাৰ সময়তে প্ৰায়ভাগ শিক্ষানুষ্ঠান বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে।
এনে হ’লে পৰীক্ষাটোক লৈ জটিলতাৰ সৃষ্টি হোৱা দেখা গৈছে।