“ছাৰ,মূৰ্গীবোৰে কণী পৰা এৰি দিলে”,মুৰ্গীয়ে কণী নপৰাৰ বাবে থানাত ৰুজু কৰিলে গোচৰ—

0 4,740

সাধাৰণতে চুৰি, ডকাইতি, হত্যা বা আন তেনেধৰণৰ বিভিন্ন অপৰাধৰ বাবে থানাত গোচৰ তৰা হয়। কিন্তু তাৰ মাজতে দুই এটা আজৱ অবিযোগ লৈও মানুহ থানালৈ আহে। মহাৰাষ্ট্ৰত ঘটা এই ঘটনাটোও তেনেকুৱাই।

মূৰ্গীয়ে কণী পৰা নাই। সেয়ে, থানাত গৈ অভিযোগ দিলে এজন মূৰ্গী ফাৰ্মৰ মালিকে। শুনিবলৈ আচহুৱা যেন লাগিলেও ঘটনাটো সত্য।

বাতৰি অনুসৰি, মহাৰাষ্ট্ৰৰ পুনেত ঘটিছে এই ঘটনা। মূৰ্গী ফাৰ্মৰ মালিকজনে আৰক্ষীক অবিযোগ দিয়ে যে এটা বিশেষ সংস্থাই তৈয়াৰ কৰা খাদ্য খোৱাৰ পাছৰে পৰা সকলো মূৰ্গীয়ে কণী পৰা বন্ধ কৰি দিছে।

তেওঁ লগতে অভিযোগ কৰে যে পূৰ্বে পুনেৰ এটি নাম থকা সংস্থাৰ পৰা মূগীৰ খাদ্য কনিছিল যদিও বৰ্তমান দাম বঢ়াৰ বাবে কাষৰীয়া জিলা আহমেদনগৰৰ আন এটি সংস্থাৰ পৰা খাদ্য কিনিছিল।

লোনি কালভোৰ আৰক্ষী থানাৰ ৰাজেন্দ্ৰ মোকাচিয়ে এই সন্দৰ্ভত কয়,’’এখন মূৰ্গী ফাৰ্মৰ মালিকে এই বিষয়ত অভিযোগ দিছে। অৱশ্যে, তেওঁ অকলেই নহয়, আৰু কমেও চাৰিজনে এই অভিযোগ দিছে। প্ৰত্যেকেই সেই সংস্থাটোৰ খাদ্য খাইয়ে তেওঁলোকৰ মূৰ্গীয়ে কণী পৰা বন্ধ কৰি দিছে।

media school
Leave A Reply

Your email address will not be published.