আহি আছে “ৱণ্ডাৰ অব্‌ দা ছীজ”!

0 667

বিশ্বৰ বৃহত্তম যাত্ৰীবাহী জাহাজখনে অহা বছৰৰ মাৰ্চত যাত্ৰা আৰম্ভ কৰিব।’ৱণ্ডাৰ অব্‌ দা ছীজ’ হিচাপে পৰিচিত জাহাজখনৰ প্ৰথমটো যাত্ৰাৰ বাবে টিকট বুকিং আৰম্ভ হৈছে।

দুহেজাৰৰো অধিক বিলাসী কক্ষ থকা জাহাজখনত ৬,৯৮৮ জন যাত্ৰী যাব পাৰে।এজন ব্যক্তিৰ ভাড়া ১ লাখৰ পৰা ৩ লাখ টকা।চাৰিজনীয়া পৰিয়ালৰ কোটাৰ ভাড়া ২৭.৫ লাখ টকা।

প্ৰথমটো যাত্ৰা আৰম্ভ হ’ব ছাংহাইৰ পৰা জাপানলৈ।অহা বছৰৰ মাৰ্চৰ নৱেম্বৰলৈ হ’ব এই যাত্ৰা। ৯টা নিশা আৰু ৮ দিনীয়া এই যাত্ৰাই টকিঅ’, মাউণ্ট ফুজি, কুমামোটা,কাগোশ্বিমা আদি বন্দৰ স্পৰ্শ কৰিব।

১০ মহলীয়া জাহাজখনৰ দৈৰ্ঘ ১,১৮৮ ফুট, উচ্চতা ২১০ ফুট আৰু ওজন প্ৰায় ২.৩৭ লাখ টন।

media school
Leave A Reply

Your email address will not be published.