ইণ্ডিয়া টুডেৰ সমীক্ষা বিভ্ৰান্তি !

0 597

যোৱা ২৪ মাৰ্চত দৈনিক অগ্ৰদূতত সবিস্তাৰে প্ৰকাশ পাইছিল টাইমছ্ নাও- চি ভোটাৰৰ এক গুৰুত্বপূৰ্ণ সমীক্ষা। সেই সমীক্ষা মতে বিজেপি মিত্ৰজোঁটে ৬৫-৭৩টা সমষ্টিত জয়যুক্ত হৈ চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰকাশ পোৱাৰ লগতে অসমৰ ৪৬.২% লোকে পুনৰ সৎ আৰু নিকা ভাবমূৰ্তিৰ সৰ্বানন্দ সোণোৱালকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বুলি প্ৰকাশ পাইছিল। ইয়াৰ বিপৰীতে ২৫.২% লোকে গৌৰৱ গগৈ, ১৩% লোকে হিমন্ত বিশ্ব শৰ্মা আৰু বাকী অংশই অইন কেইজনমান ৰাজনীতিকক মুখ্যমন্ত্ৰী হিচাপে বিচৰা বুলি কোৱা হৈছিল। দেশৰ অগ্ৰণী বিশ্বাসযোগ্য সমীক্ষা দিয়াৰ ক্ষেত্ৰত টাইমছ্ নাও- চি ভোটাৰৰ বিশেষ ভূমিকা আছে।

আনহাতে, কালি ইণ্ডিয়া টুডেই প্ৰকাশ কৰা সমীক্ষাত ২০% লোকে হিমন্ত বিশ্ব শৰ্মাক, ১৯% ই সৰ্বানন্দ সোণোৱালক আৰু ১৭% ই কংগ্ৰেছৰ যিকোনো এগৰাকীক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি প্ৰকাশ পাইছিল। পিছে এই সমীক্ষা আধৰুৱা আৰু তথ্য বিভ্ৰান্তি যেন অনুভৱ হৈছে। কিয়নো তেওঁলোকে প্ৰকাশ কৰা সমীক্ষাত মাত্ৰ ৫৬% (২০+১৯+১৭)হে সামৰি লোৱা হৈছে। তেন্তে বাকী অংশৰ হিচাপ ক’ত গ’ল ? নে মাত্ৰ ৫৬%ৰ সমীক্ষা কৰিয়েই ইণ্ডিয়া টুডে আধৰুৱা সমীক্ষা কৰি জনসাধাৰণক বিভ্ৰান্ত কৰিলে ? তদুপৰি, ১৭%ৰ ভিতৰতে তেওঁলোকে কংগ্ৰেছৰ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰাক সামৰি থ’লে নে এয়া কেৱল এজনৰ সমীক্ষা, সেয়াও বিভ্ৰান্তিকৰ।

সমীক্ষাৰ নামত বাৰেভচহু তথ্য প্ৰকাশ কৰি পূৰ্বতেও ৰাইজক বিপথে পৰিচালিত কৰা ইণ্ডিয়া টুডেই এইবাৰো একপ্ৰকাৰৰ হাঁহিয়াতৰ কামহে কৰিলে। এয়া কোনোপধ্যেই অসমৰ জনগণৰ প্ৰকৃত মত প্ৰকাশ বা সমীক্ষা নহয়, এয়া মাথোঁ ৰাজনৈতিক দৃষ্টিবিভ্ৰমহে।

লেখক : হৰ্ষজিৎ গগৈ

Leave A Reply

Your email address will not be published.