IPL ২০২১ :ক’ৰনা সংক্ৰমণৰ বাবে KKR আৰু RCB মাজৰ খেল বাতিল
ক’ৰনা সংক্ৰমণৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ খেলখন বাতিল হ’ব পাৰে
ক’ৰনা সংক্ৰমণৰ বাবে কে কে আৰ আৰু আৰ চি বিৰ মাজৰ খেলখন বাতিল কৰাৰ সিদ্ধান্ত লৈছে , বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়াৰ কভিড পজিটিভ পোৱা গৈছে।
আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মাজত খেল হোৱাৰ কথা আছিল। কলকাতা নাইট ৰাইডাৰ্ছৰ কেইবাজনো খেলুৱৈ বৰ্তমান অসুস্থ হৈ পৰিছে। খেলুৱৈ আৰু কৰ্মচাৰীসকলে বৰ্তমান নিজকে অন্য লোকৰ সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখিছে ।
কলকাতা নাইট ৰাইডাৰ্ছৰ দুজন খেলুৱৈ একাদিক্ৰমে বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়াৰৰ শৰীৰত ক’ৰনা পজিটিভ ধৰা পৰিছে । বিচিচিআইৰ এজন বিষয়াৰ ভাষ্য অনুসৰি কেকেআৰৰ শিবিৰত ক’ৰনা পজিটিভ পোৱা গৈছে গতিকে বাংগালোৰৰ দলে তেওঁলোকৰ বিৰুদ্ধে এখন আগন্তুক খেলখন খেলাৰ পৰা বিৰত থাকিব ।
সোমবাৰে হবলগীয়া আই পি এল ২০২১ ৰ খেলখনত বিৰাট কোহলীৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বাবে খেলখন গুৰুত্বপূৰ্ণ আছিল। আজিৰ খেলখনে বিৰাট কোহলীৰ ২০০ তম খেলত অন্তৰ্ভুক্ত কৰিলে হয় । কেকেআৰে ২৯ এপ্ৰিলত আহমেদাবাদত দিল্লীৰ বিপক্ষে তেওঁলোকৰ অন্তিম খন খেল খেলিছিল।এই বাতৰি প্ৰচাৰ হোৱাৰ পাছত আই পি এল ৰ সমৰ্থক সকলৰ মাজতে উদ্বেগ বৃদ্ধি পাইছে। ক’ৰোনাই ভাৰতত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।