কোভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

0 743

এতিয়াৰ পৰা ৬ বজাৰ পৰিৱৰ্তে দিনৰ ২ বজাৰপৰা বন্ধ থাকিব সকলো দোকান ।৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰপৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন। বুধবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। ৰেষ্টুৰেন্ট ধাবাৰ ক্ষেত্ৰটো নতুন নিৰ্দেশনা।২ বজাৰ পৰা বহি খাব নোৱাৰিব ৰেষ্টুৰেন্টত

চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্যালয় বন্ধৰ সময় ২ বজা ।অত্যাৱশ্যকীয় সেৱা সমূহৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব ।১৫ মে’ পৰ্যন্ত সম্পূৰ্ণ পৰ্যায়ৰ লকডাউন বলৱৎ কৰা হৈছে বিহাৰত।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মঙলবাৰে এই কথা ঘোষণা কৰিছে।এটা টুইটযোগে মুখ্যমন্ত্ৰীজনে কয় যে কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ স’তে আলোচনাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে যোৱাকালি পাটনা উচ্চ ন্যায়ালয়ে ৰাজ্যখনত তাৎক্ষণিকভাৱে লকডাউন বলৱৎ কৰাৰ পোষকতা কৰিছিল।

যিকোনো ধৰণৰ জনসমাৱেশ নিষিদ্ধ।বিবাহ অনুষ্ঠানৰ কোনো অভৰ্থনা অনুষ্ঠান পাতিব নোৱাৰিব।সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুপৰীয়া ২ বজাত বন্ধ কৰিব লাগিব।হোটেল, ৰেষ্টুৰেন্টত কেৱল দুপৰীয়া ২ বজালৈহে গ্ৰাহকৰ অনুমতি থাকিব।৫০% কৰ্মচাৰীহে থাকিব পাৰিব উপস্থিত।শিক্ষা অনুষ্ঠানৰ বাবে থাকিব শিক্ষা বিভাগৰ নিৰ্দেশাৱলী ।

media school
Leave A Reply

Your email address will not be published.