ফেচবুক পোষ্টৰ জৰিয়তে আঙুৰলতাই স্পষ্ট কৰিলে পৰাজয়ৰ কাৰণ

0 1,813

২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দুদিন পিছতে স্পষ্ট কৰিলে প্ৰাক্তন বটদ্ৰৱা সমষ্টিৰ বিধাইকা আঙুৰলতা ডেকাই। বটদ্ৰৱা সমষ্টিত কংগ্ৰেছৰ শিৱামণি বৰাৰ হাতত পৰাস্ত হৈছিল আঙুৰলতা। নিৰ্বাচনৰ পূৰ্বে অধিক আত্মবিশ্বাসী আঙুৰলতা পৰাস্ত হোৱাৰ পিছতে ছচিয়েল মিডিয়াত একাংশই সমালোচনাৰে থকাসৰকা কৰিছে আঙুৰলতাক। বহুতেই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক লৈ কৰা মন্তব্যৰ কথা উনুকিয়াই কটাক্ষ কৰিছে।

সেয়েহে নিৰ্বাচনী ফলাফলৰ দুদিন পিছতে নিজৰ পৰাজয়ৰ বিশ্লেষণ আগবঢ়োৱাৰ লগতে প্ৰিয়ংকা গান্ধীক লৈ কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আঙুৰলতা ডেকাই। লগতে প্ৰিয়ংকা গান্ধীক লৈ কিয় তেনে মন্তব্য কৰিছিল তাৰো প্ৰত্যুত্তৰ দিলে আঙুৰলতাই। এটা ফেচবুক পোষ্টৰ জৰিয়তে এই সকলো কথা উল্লেখ কৰে আঙুৰলতা ডেকাই। লগতে বটদ্ৰবাৰ সমষ্টিৰ উন্নয়ন কামনা কৰাৰ লগতে সদায় লগত কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি দিয়ে প্ৰাক্তন বিজেপি বিধায়িকা গৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.