ক’ৰনা নিয়ম উলংঘা কৰি ৰঙাঘৰৰ আলহী হ’ল এটা কুকুৰ

0 829

ক’ৰনা ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অভিযানত নামি পৰিছে ভাৰতৰ সকলো আৰক্ষীৰ দল, দেশৰ বিভিন্ন প্ৰান্তত লকডাউন অব্যাহত আছে আৰু ক’ৰনা কাৰফিউৰ বাবে জাৰি কৰা হৈছে নিষেধাজ্ঞা । ক’ৰনা প্ৰটোকল অনুসৰণ কৰিবলৈ সকলো ঠাইতে আৰক্ষীৰ শেনচকু অব্যাহত আছে । নিয়ম বোৰ যাতে উলংঘা নহয় তাৰ বাবে কঠোৰ হৈ পৰে আৰক্ষী প্ৰশাসন । ক’ৰনা প্ৰটকল ভংগ কৰাৰ এক অবিৰল ঘটনা ইন্দোৰত পোহৰলৈ আহিছে।

ক’ৰনা নিয়ম উলংঘাৰ সন্দৰ্ভত ইন্দোৰ আৰক্ষীয়ে এটা কুকুৰৰ লগতে মালিকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো ইন্দোৰৰ পালাছিয়া অঞ্চলত সংঘটিত হৈছিল । পোহনীয়া কুকুৰাটোৰ সৈতে খোজ কাঢ়িবলৈ যাওঁতে আৰক্ষীৰ এটা দলে ক’ৰনা নিয়ম উলংঘা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।

ইণ্ডিয়া টুডেৰ মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন এজন ব্যৱসায়ী। কৰোনাৰ নিয়ম উলংঘা কৰি কুকুৰৰ সৈতে ওলাই অহাৰ সময়ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে তেওঁক কৰোনা প্ৰটোকল উলংঘা কৰা দেখিছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে অভিযুক্ত ব্যক্তিজনক আৰু তেওঁৰ কুকুৰটোক কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। অৱশ্যে, আৰক্ষীয়ে এই কথাক অস্বীকাৰ কৰিছে। পশু অধিকাৰ কৰ্মীৰ কিছুলোকে মানুহজন আৰু কুকুৰটোক বাহিৰত ফুৰি থকাৰ বাবদ গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে।

media school
Leave A Reply

Your email address will not be published.