ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ?

0 684

বহুতো জল্পনাঃ কল্পনাৰ অন্তত অচলাৱস্থাৰ যেন আজি অৱসান ঘটিব।

দিল্লীৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ মৰ্মে আজি পুৱাৰ ভাগত বিশেষ বিমানযোগে দিল্লীলৈ উৰা মাৰে দুইগৰাকী শীৰ্ষ নেতা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। দুয়োগৰাকী নেতা আজি পুৱা ১০-৩০ বজাত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বাসগৃহত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পাছতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৰাকীৰ নাম ঘোষণা কৰাৰ প্ৰবল সম্ভাৱনা আছে।

বিশেষ সূ্ত্ৰৰ খৱৰ অনুযায়ী কেন্দ্ৰীয় নেতৃত্বই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিছে আৰু এতিয়া নেতা দুয়োগৰাকীক একেলগে বহুৱাই ৰাজ্যখনত বিজেপি চৰকাৰখনৰ পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিব।

বিজেপিৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই অসমত দলটোক দীঘলীয়া সময়ৰ বাবে আগবঢ়াই নিয়াৰ স্বাৰ্থত সকলোৰে পছন্দৰ এগৰাকী নেতা নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিধায়ক বিমল বৰা যোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৈছে তেওঁৰ অতি ঘনিষ্ঠ বিধায়ক তৰংগ গগৈ।

media school
Leave A Reply

Your email address will not be published.