অসমীয়া জাতিৰ অভিভাৱক মহীৰুহ হোমেন বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তি ।

0 714

অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা সম্পাদক হোমেন বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তি ঘটে।

আজি পুৱা ৬.৫৮ বজাত অসমৰ বৰ্ষীয়ান বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে গুৱাহাটীৰ GNRCত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছে।

মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ বয়স হৈছিল ৮৮ বছৰ। স্মৰ্তব্য যে কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ বিশিষ্ট সাহিত্যকগৰাকী আৰোগ্য হৈ উঠিছিল যদিও তেওঁৰ স্বাস্থ্য পুনৰ অৱনতি ঘটে।

একেধাৰে সাহিত্যিক, সাংবাদিক, সম্পাদক আৰু যৌৱনৰ কালছোৱাত কবি হিচাপে খ্যাতি লাভ কৰা হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত ।

হোমেন বৰগোহাঞিৰ জীৱনৰ উৎকৰ্ষ সাধনমূলক আৰু বিভিন্ন বিষয়ক কেবাখনো ৰচনা সংকলন লিখি থৈ গৈছে। ইয়াৰ ভিতৰত গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা, কথা-বাৰ্তা, পাঠকৰ টোকাবহী, আশীৰ দশকৰ দস্তাবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, স্বৰ্গ আৰু নৰক, ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, ডাৰউইন, মই যেতিয়া ক্লান্ত হওঁ, আত্ম দিপো ভৱ, মোৰ টোকাবহীৰ পৰা আদিয়ে প্ৰধান।

আজীৱন অসম সাহিত্য সভাৰ সমালোচকৰূপে চিহ্নিত হোমেন বৰগোহাঞিয়ে সকলোকে আচৰিত কৰি ২০০২ চনৰ ডিব্ৰুগড় অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাতে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিওৱা হয়।

সাপ্তাহিক নীলাচলত সাংবাদিকতা আৰম্ভ কৰা হোমেন বৰগোহাঞিয়ে বিগত সময়ছোৱাত সূত্ৰধাৰ, নাগৰিক, সাতসৰী আদি আলোচনী, অসম বাণী, আমাৰ অসম, অসমীয়া দৈনিক বাতৰি, নিয়মীয়া বাৰ্তাৰ আদি সাপ্তাহিক আৰু দৈনিক বাতিৰ কাকতৰ সম্পাদক ও মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰতখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়তো হোমেন বৰগোহাঞি দৈনিক  বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

‘বিংশ শতাব্দীৰ সন্ধানত’, সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ আদি মূল্যৱান গ্ৰন্থও হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল।মোৰ সাংবাদিক জীৱন আৰু আশী দশকৰ দস্তাবেজত অসমৰ সেই সময়ৰ সমসাময়িক ৰাজনৈতিক ইতিহাসক বৰগোহাঞিয়ে নিজস্ব দৃষ্টিভংগীৰে পৰ্যালোচনা আৰু বিশ্লেষণ কৰিলেও তেওঁ ৰাজনৈতিক স্থিতিক লৈ বহু সময়ত বিতৰ্কৰো সূত্ৰপাত হৈ আহিছে। কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি অনুৰক্ত নোহোৱা বৰগোহাঞিৰ ৰাজনৈতিক স্থিতিকলৈ প্ৰশ্ন উত্থাপন হৈ আহিলেও গুণমুগ্ধ আৰু তেওঁৰ সমালোচকসকলক আচৰিত কৰি ২০১৫ চনত বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত সাম্প্ৰদায়িক অসহিষ্ণুতাৰ সৃষ্টি কৰাৰ প্ৰতিবাদত সাহিত্য অকাডেমিৰ পুৰস্কাৰ ঘূৰাই দিছিল।তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে সিঁচৰিত হৈ থকা তেওঁৰ গুণমুগ্ধসকল শোকত স্তব্ধ হৈ পৰিছে। সামাজিক মাধ্যমত বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ বাতিৰ বিয়পি পৰাৰ লগে লগে বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমম্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে অসমীয়া জাতীয়ে এগৰাকী অভিভাৱক হেৰুৱালে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, “অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো৷

”ইছমাইল শেখৰ সন্ধানত, হাতী, গৰখীয়া আদি গল্পৰ স্ৰষ্টা হোমেন বৰগোহাঞিৰ প্ৰথমখন উপন্যাস হ’ল ‘সুবালা’। ইয়াৰ পিছতে সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাইয়ে বাওধান খায়, অস্তৰাগ, পিতাপুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, মৎস্যগন্ধা, তান্ত্ৰিক এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা আদিকে কৰি বৰগোহাঞিৰ কেবাখনো উপন্যাস প্ৰকাশ পায়।অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে ৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ তেখেতৰ বিয়োগে আমাৰ মাজত এক বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিলে ৷

Leave A Reply

Your email address will not be published.