ফোন কৰিলেই লাভ কৰিব অক্সিজেন যুক্ত অটো এম্বুলেন্স , Save কৰক হেল্পলাইন নম্বৰ

0 5,330

কৰোনাৰ সৈতে যুঁজিবলৈ তৈয়াৰ কৰিলে অটো এম্বুলেন্স ,এতিয়াৰ পৰা ফোন কৰিলে পাব এম্বুলেন্স ।

কৰোনাৰ দ্ৰুতসংক্ৰমণৰ ফলত বহুতো লোক মৃত্যুমুখত পৰিছে অক্সিজেনৰ অভাৱত সেইবাবে গুৱাহাটীত যাতে অক্সিজেন আৰু এম্বুলেন্সৰ অভাৱত কোনো কোভিড ৰোগী মৃত্যু মুখত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটস্থিত পোদ্দাৰ কমপ্লেক্সত লায়ন্স ক্লাৱ অৱ গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া অটো অক্সিজেন-এম্বুলেন্স সেৱা মুকলি কৰে।

এই সেৱাৰ বাবে তেওঁলোকে মুকলি কৰি দিয়ে দুটা হেল্প লাইন নম্বৰ । এই নম্বৰ দুটা হ’ল-  ৯৪৩৫৬-৮৮৮৮৮ (94356-88888) আৰু ৯৪৩৫০-৩৫০০০ (94350-35000)।

জৰুৰীকালীন সময়ত কেতিয়াবা এম্বুলেন্সৰ অভাৱ হয় নাইবা আহি পোৱাত পলম হয় সেইবাবে এই অটো এম্বুলেন্সৰ তৈয়াৰ কৰিছে । কোনো কোৰোণা ৰোগী হাস্পতাললৈ নিয়াৰ লগতে প্ৰয়োজন হ’লে অক্সিজেনো যোগান ধৰিব পাৰিব।

এই বিনামূলীয়া অটো অক্সিজেন-এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰে গুৱাহাটী লায়ন্স ক্লাৱৰ  প্ৰাক্তন জিলা আহ্বায়ক ডঃ এম.অল. আগৰৱালাই। মুকলি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লায়ঞ্চ ক্লাৱৰ সভাপতি  কিশোৰী চাবো, প্ৰকল্প অধ্যক্ষ অজয় পোদ্দাৰ।

প্ৰকল্প অধ্যক্ষ অজয় পোদ্দাৰে কয় যে গুৱাহাটী মহানগৰীত এই সেৱা প্ৰতি দিনে ২৪ ঘণ্টা বাহাল থাকিব।

উল্লেখ্য যি সময়ত দেশত ক’ভিড মহামাৰীয়ে ভয়ংকৰ পৰবেশৰ সৃষ্টি কৰিছে তেনে সময়তে দেশত অব্যাহত অক্সিজেনৰ ব্যাপক নাটনিয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে। অক্সিজেনৰ নাটনিৰ ফলত ইতিমধ্যে দেশৰ অন্য ৰাজ্যত বহু লোক মৃত্যু মুখত পৰিছে। লায়ন্স ক্লাৱৰ এই পদক্ষেপে বহুকত সকাহ দিব।

media school
Leave A Reply

Your email address will not be published.