ব্লেক ফাংগাছৰ পাছত ভাৰতৰ বিভিন্ন স্থানত হোৱাইট ফাংগাছৰ আক্ৰমণ ।

0 5,786

কৰোনা ভাইৰাছ দ্বিতীয় ঢৌ ,ভাৰতবৰ্ষত ব্লেক ফাংগাছ দৰে ভেঁকুৰ মানুহৰ শৰীৰত ধৰা পৰিছে ।ব্লেক ফাংগাছৰ পিছত এইবাৰ হোৱাইট ফাংগাছে দেখা দিছে ভাৰতৰ বিভিন্ন স্থানত ।

ইতিমধ্যে বিহাৰৰ চাৰিজনলোকৰ দেহত হোৱাইট ফাংগাছ ধৰা পৰা ঘটনা পোহৰলৈ আহিছে ।বৰ্তমান লোককেইজনক পাটনা চিকিৎসা মহাবিদ্যালয় চিকিৎসালত ভৰ্তি কৰা হৈছে।

স্বাস্থ্য বিশেষজ্ঞ সকলৰ তথ্য অনুসৰি ব্লেক ফাংগাছতকৈ হোৱাইট ফাংগাছ অধিক বিপদজনক বুলিব জানিব দিছে ।

এই ফাংগাছ শৰীৰৰ ছাল ,পাকস্থলী ,বৃক্ক ,মগজু ,হাঁওফাঁও আদি স্থানত আক্ৰমণ কৰে ইয়াৰ প্ৰভাৱ মুখমণ্ডলত দেখা পোৱা যায় বুলি ডাক্তৰে জানিব দিয়ে। চিকিৎসা বিশেষজ্ঞ সকলে এই ফাংগাছৰ সংক্ৰমণ চিনাক্ত কৰিবলৈ এ এন এইচ আৰচিটি স্কেনাৰ প্ৰয়োজন হ’ব বুলিও কয় ।

ক’ৰনা ভাইৰাছৰ দৰে কম এন্টিবডী অথবা পূৰ্বৰ পৰাই বিশেষ চিকিৎসাজনিত সমস্যাত ভুগি থকা লোক সকলে অথবা ডায়বেটিছ থকা নতুবা ষ্টেৰয়ড গ্ৰহণ কৰা লোকৰ ক্ষেত্ৰত ব্লেক ফাংগাছৰ সংক্ৰমনৰ আশংকা অধিক ।

media school
Leave A Reply

Your email address will not be published.